ETV Bharat / elections

প্ৰতিকূল বতৰকো নেওচি হাইলাকান্দিত ৰাহুল গান্ধীৰ জনসভা

প্ৰতিকূল বতৰৰ মাজতে হাইলাকান্দিৰ পাঁচগ্ৰামত জনসভাত অংশ লয় কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে । প্ৰতিকূল বতৰৰ বাবে সভাস্থলীত সৃষ্টি হয় তীব্ৰ বিশৃংখলতাৰ ।

author img

By

Published : Apr 9, 2019, 5:25 PM IST

হাইলাকান্দিত ৰাহুল গান্ধীৰ জনসভা

হাইলাকান্দি,9 এপ্ৰিলঃ মঙলবাৰে হাইলাকান্দিৰ পাঁচগ্ৰামত কৰিমগঞ্জ আৰু কাছাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অংশ লয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে । এই প্ৰচাৰ সভাত প্ৰতিকূল বতৰৰ বাবে ১১ বজাৰ পৰিৱৰ্তে ১ বজাত হে উপস্থিত হয় ৰাহুল গান্ধী । সভাত ভাষণ প্ৰংসগত ৰাহুল গান্ধীয়ে বিজেপিক কটু সমালোচনা কৰি কংগ্ৰেছ চৰকাৰ গঠন হ'লে ৬ মাহৰ ভিতৰত অসমৰ দুটা কাগজ কল পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । লগতে সুস্মিতা দেৱ জয়ী হ'লে কেন্দ্ৰীয় মন্ত্ৰীত্ব পদ লাভ কৰাটো নিশ্চিত বুলিও ঘোষণা কৰে ৰাহুল গান্ধীয়ে । ইপিনে সভা আৰম্ভ হোৱাৰ আগেয়ে তীব্ৰ ধুমুহা-বৰষুণৰ ফলত ভাঙি পৰে প্ৰেছ গেলাৰী। যাৰ ফলত আহত হয় এগৰাকী স্থানীয় সংবাদকৰ্মী ।

SLUG :: তীব্ৰ অব্যবস্থাৰ মাজতে হাইলাকান্দিত ৰাহুল গান্ধীৰ জনসভা।

Reporter:-ANUPOM SINGHA

O/C :: তীব্ৰ অব্যবস্থাৰ মাজতে আজি হাইলাকান্দি জিলাৰ পাচগ্ৰামত জনসভাত অংশলয় সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্দীয়ে। প্ৰতিকুল বতৰৰ বাবে সভাস্থলিত সৃষ্টি হয় তীব্ৰ বিশৃঙ্খলাৰ। সভা স্থলিত মিডিয়া গেলাৰি ভাঙি পৰি আহত হয় কেইবাগৰাকী সংবাদ কৰ্মী। 

V/O :: প্ৰকৃতিৰ ৰোষত ৰাহুল গান্ধীৰ জনসভা। প্ৰবল ধুমুহা আৰু বৰষুনত লণ্ড ভণ্ড সভাস্থল। বহিবাৰ চকি মাথাত দি সভাস্থলিত কংগ্ৰেছ সমৰ্থক। গেলাৰি ভাঙি আহত সংবাদ কৰ্মী। 
হাইলাকান্দি জিলাৰ পাচগ্ৰামত আজি কৰিমগঞ্জ আৰু কাছাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত আহে সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী। কিন্তু ৰাহুল গান্ধী উপস্হিত হোৱাৰ আগতেই তীব্ৰ ধুমুহা আৰু বৰষুনৰ ফলত এক বিশৃঙ্খল পৰিস্হিতিৰ সৃষ্টি হয়। বৰষুনৰ পৰা পৰিত্ৰান পাবলৈ কংগ্ৰেছ সমৰ্থক সকলে বহিবলৈ দিয়া চকি মাথাত দি পৰিত্ৰাণ লাভ কৰে। প্ৰতিকুল বতৰৰ বৱে ১১ বজাৰ সভাত ৰাহুল গান্ধী ১.১০ মিনিটত উপস্হিতহয়। 
ৰাহুল গান্ধীয়ে সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি দলৰ কঠোৰ সমালোচনা কৰি, কংগ্ৰেছ দলৰ নিৰ্বাচনি ইস্তাহাৰত থকা প্ৰতিস্ৰুতি সমূহ পুনৰ ঘোষনা দিয়াৰ উপৰিও কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাৰ পিছত ৬ মাহৰ ভিতৰত অসমৰ দুটা কাগজ কল চালু কৰি দিয়া হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে সুস্মিতা দেৱ জয়ি হলে কেন্দ্ৰীয় মন্ত্ৰীত্ব পদ লাভ কৰাটো নিশ্চিত বুলিও ঘোষনা দিয়ে ৰাহুল গান্ধীয়ে। 
ইপিনে ৰাহুল গান্ধিৰ সভা আৰম্ভ হোৱাৰ প্ৰাক মুহুৰ্তত ভাঙি পৰে প্ৰেছ গেলাৰী। যাৰ ফলত ভৰি ভাঙি আহত হয় এগৰাকী স্থানীয় সাংবাদিক জাকিৰ হুচেইন  মজুমদাৰ।

########
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.