কৰিমগঞ্জ, 24 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে কৰিমগঞ্জৰ চাৰিটাকৈ ভোটকেন্দ্ৰত ধৰা পৰিছিল ব্যাপক বিসংগতি ৷ পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে কেন্দ্ৰ চাৰিটাৰ ভোটদান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰাখিছিল ৷ নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা কেন্দ্ৰ চাৰিটা হৈছে ক্ৰমে, 105নং বাটইয়া, 134 নং গন্দৰ্ভখানি, 152নং আৰু 153নং আতানগৰ কেন্দ্ৰ ৷
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ লগে লগে নিৰ্বাচনী আয়োগে কেন্দ্ৰ চাৰিটাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি, বুধবাৰে ৰাতিপুৱাৰে পৰা কেন্দ্ৰ চাৰিটাত ভোটগ্ৰহণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এক শান্তিপূৰ্ণ পৰিৱেশত কেন্দ্ৰকেইটাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷