গুৱাহাটী, 21 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা এক বিশাল ৰেলী উলিয়াই গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে ৷ মহানগৰীৰ বৰাগাঁও এল পি স্কুল খেলপথাৰৰ পৰা উলিওৱা হয় এই বিশাল ৰেলী।
ৰাইজৰ স্বতঃস্ফুৰ্ত সঁহাৰি দেখি আপ্লুত হৈ পৰে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী ৷ ইপিনে নিজৰ জয় নিশ্চিত বুলি মন্তব্য কৰি দল হিচাপতহে কংগ্ৰেছ-বিজেপিৰ প্ৰাৰ্থী কেইগৰাকী হেভিৱেট, কিন্তু প্ৰাৰ্থীসকল মুঠেও যোগ্য নহয় সমালোচনা জোনমণি দেৱীৰ । আনহাতে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী জয়ী হ'লে অসমৰ বাবে সদনত যুক্তিৰে যুঁজ দিব বুলিও উল্লেখ কৰে ৷