গুৱাহাটী, 21 এপ্ৰিলঃ ৰামেশ্বৰ তেলীক কাষত লৈ গুৱাহাটী লোকসভাৰ অন্তৰ্গত জালুকবাৰীৰ বেজেৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা ৷ সভাত উপস্থিত হৈ পোনে পোনে বিজেপিৰ দলীয় গীতৰ তালে তালে নৃত্য কৰিলে মন্ত্ৰী হিমন্তই, কাৰণ এইয়া এতিয়া তেওঁৰ নতুন চখ । পাচে জনতায়ো সংগ দিলে মন্ত্ৰীগৰাকীক । ইয়াৰ পিছতে আৰম্ভ হ'ল হিমন্তৰ ভাষণ।
হিমন্তৰ মন্তব্য....
- বিজেপিৰ দিনত অসমত অসমীয়া খিলঞ্জীয়া মুছলমান সুৰক্ষিত।
- লোকসভা নিৰ্বাচনত হিন্দু আৰু অসমীয়া মুছলমানে একেলগ হৈ বিজেপিৰ হৈ ভোটদান কৰিব।
- এইবাৰ শৰাইঘাটৰ যুদ্ধ হেংদাঙেৰে নহয় ভোটিং মেচিনেৰে হ'ব।
জালুকবাৰীৰ তিনিটা পঞ্চায়তৰ প্ৰায় পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী কুইন ওজাৰ বিজয় নিশ্চিত বুলিও দাবী কৰে।