ETV Bharat / elections

অসম গণ পৰিষদক এটা ভ্ৰষ্ট ৰাজনৈতিক দলঃ আব্দুল খালেক - কংগ্ৰেছ প্ৰাৰ্থী

বঙাইগাঁৱত নিৰ্বাচনী সভাত অংশগ্ৰহণ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ ৷ অসম গণ পৰিষদক এটা ভ্ৰষ্ট ৰাজনৈতিক দল আখ্যা আব্দুল খালেকৰ

বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক
author img

By

Published : Apr 4, 2019, 5:22 PM IST

Updated : Apr 4, 2019, 11:49 PM IST

বঙাইগাঁও, ৪ মাৰ্চঃ"মন্ত্ৰীত্ব লাভত অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতা কৰিছে"-এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ । খালেকে বৃহস্পতিবাৰে বঙাইগাঁও জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম গণ পৰিষদক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰে । লগতে বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ কোনো প্ৰতিদ্বন্দীনাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ বিজয় নিশ্চিত বুলিও দাবী কৰে খালেকে । সংবাদমেলত বঙাইগাঁও বিধানসভা সমষ্টিৰ অগপ বিধায়ক ফণীভূষণচৌধুৰীক খালেকে কঠোৰ সমালোচনা কৰি অসম গণ পৰিষদক এটা ভ্ৰষ্ট ৰাজনৈতিক দল বুলি মত পোষণ কৰে । ইয়াৰোপৰিও, মন্ত্ৰিত্ব লাভ কৰাৰ বাবেহে বিজেপিৰ সৈতে সম্পৰ্ক স্থাপন কৰা বুলি কয় খালেকে ।

বঙাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক

সংবাদমেলৰ পাচত খালেকে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে এখন দলীয় নিৰ্ব্বাচনী সভাতো অংশগ্ৰহণ কৰে । খালেকে সংবাদমেলৰ লগতে দলীয় সভাতো অসম গণ পৰিষদক কঠোৰ ভাৱে সমালোচনা কৰি কয় " আমি অসম গণ পৰিষদৰ দৰে নাগৰিকত্ব সংশোধনীবিধেয়কৰ বিৰোধিতা কৰাৰ মিছা নাটক নকৰো " । এতিয়া অসমৰ ৰাইজে মিছা নাটকৰ উত্তৰ নিশ্চয় অসম গণ পৰিষদক দিব । সভাত খালেকে বঙাইগাঁও জিলাৰ উন্নয়নৰ বাবে সদায় কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বঙাইগাঁৱৰ সকলো তীৰ্থস্থানৰ উন্নয়নৰ বাবেও সদায় লক্ষ্য কৰা হ'ব বুলি মন্তব্য কৰে । আকৌ, বৰপেটা লোকসভা সমষ্টিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দাবী জনাই খালেকে নাগৰিকত্ব সংশোধনীবিধেয়ক আৰু ডি ভোটাৰৰ বিৰোধিতা কৰি বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা উচিত বুলি দাবী কৰে ।

Intro:আজি বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত বৰপেটা লোক সভা সমষ্ঠীৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকক উষ্ম আদৰনি জনায় দলীয় লোকসকলে । তাৰ পিচতেই প্ৰাৰ্থী জনে অংশ গ্ৰহণ কৰে দলীয় এক নিৰ্ব্বাচনী সভাত। লগতে থাকে বঙাইগাঁও জিলা কংগ্ৰেছ সভাপতি শংকৰ প্ৰসাদ ৰায়,উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰি সহ অন‍্যান‍্য দলীয় নেতা-কৰ্মিসকল । ইয়াৰ পিচতে এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ প্ৰাৰ্থী জনে কয় যে বৰপেটা লোক সভা সমষ্ঠিত কংগ্ৰেছৰ কোনো প্ৰতিদন্দি নাই । কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী কৰি বঙাইগাঁও বিধান সভা সমষ্ঠীৰ অগপ বিধায়ক ফণীভূষন চৌধুৰীক কঠোৰ সমালোচনা কৰে । অসম গণপৰিষদ এটা ভ্ৰষ্ট ৰাজনৈতিক দল বুলি কোৱাৰ লগতে কয় নাৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি মন্ত্ৰিত্বৰ লোভত আকৌ বিজেপিৰ সৈতে মিত্ৰতা কৰি নিৰ্ব্বাচনত অৱতিৰ্ণ হৈছে । এতিয়া ৰাইজে কোনটো মানিব নাগৰিকত্ব সংশোধনি বিধেয়কৰ সমৰ্থন বিজেপি দলৰ সৈতে মিত্ৰতা কৰি বিৰোধিতাৰ নাটক কৰা ভ্ৰষ্টাচাৰী অগপ দলক ৰাইজে নিশ্চয় প্ৰত‍্যাখ‍্যান কৰিব ।
বঙাইগাঁও জিলাৰ উন্নয়নৰ বাবে তিৰ্থস্থান সমূহৰ উন্নয়নকে আদিকৰি কেবাটাও প্ৰতিশ্ৰুতি দিয়ে । বৰপেটা লোকসভা সমষ্ঠিত এটা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দাবী জনোৱাৰ কথাও কয় প্ৰাৰ্থী জনে ।
নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা, বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস‍্যা ৰূপে ঘোষনাৰ দাবী,ডি ভোটাৰৰ বিৰোধিতা আদি ৰ কথা উল্লেখ কৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:কংগ্ৰেছ সংবাদ মেল।

Conclusion:সংবাদ মেল।
Last Updated : Apr 4, 2019, 11:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.