ETV Bharat / elections

হাগ্ৰামা ঘৰিয়াল! কোনে কিয় কলে ? - Kokrajhar LS Constituency

মাতৃক কাষত লৈ নৱকুমাৰ শৰণীয়াৰ নিৰ্বাচনী প্ৰচাৰ

সাংসদ নৱকুমাৰ শৰণীয়া
author img

By

Published : Apr 10, 2019, 11:06 PM IST

বাক্সা, 10 এপ্ৰিলঃ বাক্সাত বিশাল ৰেলীৰে কোকৰাঝাৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ নৱকুমাৰ শৰণীয়াৰ পদযাত্ৰা ৷ নিজৰ এক নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ভোটাৰ ৰাইজৰ সৈতে বাৰ্তালাপ কৰে কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৷

সাংসদ নৱকুমাৰ শৰণীয়া

হাগ্ৰামাক বিটিচি ঘৰিয়াল আখ্যা দি সাংসদ নৱকুমাৰ শৰণীয়াই কয় যে, "কোকোৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতাত নাহে ৷ মই দ্বিতীয়বাৰৰ বাবে এগৰাকী সাধাৰণ সেনা জোৱানৰ সন্তান হৈ ৰাইজৰ সেৱা কৰি যাবলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছো ৷ ৰাজনীতি মোৰ নিচাও নহয়, পেছাও নহয় ৷ একমাত্ৰ ৰাইজৰ প্ৰয়োজনত নিৰ্বাচন খেলিছো ৷ বিটিচিৰ অবড়ো ৰাইজ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ৷ সেয়ে মই অকল বিটিচিৰ জনসাধাৰনৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণেহে ৰাজনীতি কৰিছো ৷ অ-বড়ো ৰাইজ কোনো মূল্যৰ বিনিময়ত বিক্ৰী হোৱা মানুহ নহয় ৷ সেইবাবে মই দ্বিতীয়বাৰৰ বাবেও সংসদলৈ যাম ৷"

সাংসদ নৱকুমাৰ শৰণীয়া

বুধবাৰে তামুলপুৰৰ ৰাজপথত লগত সমৰ্থক লৈ নৱকুমাৰ শৰণীয়াই নিজ মাতৃৰ সৈতে এক সমদল বাহিৰ কৰে ৷ নৱকুমাৰ শৰণীয়া জিন্দাবাদ, নৱকুমাৰ শৰণীয়াক টৰ্চৰ ছবিত ভোট দিয়ক আদি শ্লোগান দি তামুলপুৰৰ ৰাজপথত বৃহৎ সমদল বাহিৰ কৰে ৷ নৱকুমাৰ শৰণীয়াৰ মাতৃয়ে কয় যে, "ভাৰতীয় সেনা জোৱানৰ পুত্ৰ হৈ দেশৰ সেৱা কৰি যাব মোৰ পুত্ৰই ৷ এই আশীৰ্বাদ দিছো মোৰ পুত্ৰক ৷ মোৰ স্বামীয়ে এসময়ত সেনা জোৱান ৰূপে চীন আৰু বাংলাদেশৰ সতে যুদ্ধ কৰি দেশৰ সেৱা কৰি গৈছে ৷ সেয়ে আজি তেওঁৰ পুত্ৰ হৈ মোৰ ল’ৰাই দেশৰ সেৱা কৰি যাব বুলি মোৰ দৃঢ় বিশ্বাস আছে ৷"

কোকৰাঝাৰত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতাত নাহেঃ সাংসদ নৱকুমাৰ শৰণীয়া 

তামুলপুৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ নিৰ্বাচনী ৰণশিঙা ৷ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি সাংসদ গৰাকীয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি ৰাইজক তেওঁৰ নিৰ্বাচনী প্ৰতীক টৰ্চ লাইটৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ৰাইজক ৷

হাগ্ৰামাক বিটিচি ঘৰিয়াল আখ্যা দি সাংসদ নৱকুমাৰ শৰণীয়াই কয় যে, "কোকোৰাঝাৰ লোকসভা সমষ্টিত কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতাত নাহে ৷ মই দ্বিতীয়বাৰৰ বাবে এগৰাকী সাধাৰণ সেনা জোৱানৰ সন্তান হৈ ৰাইজৰ সেৱা কৰি যাবলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছো ৷ৰাজনীতি মোৰ নিচাও নহয় পেছাও নহয় ৷একমাত্ৰ ৰাইজৰ প্ৰয়োজনত নিৰ্বাচন খেলিছো ৷বিটিচিৰ অবড়ো ৰাইজ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে ৷ সেয়ে মই অকল বিটিচিৰ জনসাধাৰনৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণেহে ৰাজনীতি কৰিছো ৷ অবড়ো ৰাইজে কোনো মূল্যৰ বিনিময়ত বিক্ৰী হোৱা মানুহ নহয় ৷ মই দ্বিতীয়বাৰৰ বাবে সংসদলৈ এই ৰাইজৰ ভোটেৰে জয়যুক্ত হ'ম ৷" 

বুধবাৰে তামুলপুৰৰ ৰাজপথত লগত সমৰ্থক লৈ নৱকুমাৰ শৰণীয়াই নিজ মাতৃৰ সৈতে এক সমদল বাহিৰ কৰে ৷ নৱকুমাৰ শৰণীয়া জিন্দাবাদ, নৱকুমাৰ শৰণীয়াক টৰ্চৰ ছবিত ভোট দিয়ক আদি শ্লোগান দি তামুলপুৰৰ ৰাজপথত বৃহৎ সমদল বাহিৰ কৰে ৷ নৱকুমাৰ শৰণীয়াৰ মাতৃয়ে কয় যে, "ভাৰতীয় সেনা জোৱানৰ পুত্ৰ হৈ দেশৰ সেৱা কৰি যাব মোৰ পুত্ৰই ৷ এই আশীৰ্বাদ দিছো মোৰ পুত্ৰক ৷ মোৰ স্বামীয়ে এসময়ত সেনাৰ জোৱান হিচাবে চীন আৰু বাংলাদেশৰ সতে যুদ্ধ কৰি দেশৰ সেৱা কৰি গৈছে ৷ সেয়ে আজি তেওঁৰ পুত্ৰ হৈ মোৰ ল’ৰাই দেশৰ সেৱা কৰি যাব বুলি দৃঢ় বিশ্বাস আছে মোৰ৷"
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.