ETV Bharat / elections

বাক্সাৰ বৰমাত বিজেপি কৰ্মীৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ

author img

By

Published : Mar 6, 2021, 9:30 PM IST

প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে বিজেপিৰ ভিতৰ চ'ৰাত ৷ বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিত বিজেপি কৰ্মীৰ ক্ষোভ ৷ বৰমাত দলীয় প্ৰাৰ্থী নিদিয়াত তলা ওলমিল বিজেপিৰ কাৰ্যালয়ত ৷

protest-in-baksa-barma
protest-in-baksa-barma

বাক্সা, 6 মাৰ্চঃ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে বিজেপিৰ ভিতৰ চ'ৰাত ৷ বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিত বিজেপি কৰ্মীৰ ক্ষোভ ৷ বৰমাত দলীয় প্ৰাৰ্থী নিদিয়াত তলা ওলমিল বিজেপিৰ কাৰ্যালয়ত ৷ ৰাজপথত টায়াৰ জ্বলাই দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰ্মীৰ ৷ উল্লেখ্য যে বিজেপিৰ সাংগঠনিক স্থিতি শক্তিশালী হোৱাৰ পিচতো দলীয় কৰ্মীৰ আহ্বানকো নেওচি সমষ্টিটো ইউ পি পি এলক এৰি দিয়াত ক্ষোভিত হৈ পৰে বিজেপিৰ তৃণমুল পৰ্যায়ৰ কৰ্মী ৷ যাৰ ফলত আজি বৰমাত থকা বিজেপিৰ কাৰ্যালয়ত বিজেপি কৰ্মীসকলে তলা লগাই দিয়াৰ লগতে বৰমাৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনকি বিজেপি দলৰ পতাকা, বেনাৰ- পোষ্টাৰ আদিও জ্বলাই দিয়ে ৷

প্ৰণিধানযোগ্য, যে বৰমা বিধানসভা সমষ্টিটোত ইউ পি পি এল দলৰ বেনাৰত সাংসদ নৱ কুমাৰ শৰণীয়াই প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চালৈ অহাৰ পিচতে বিজেপিৰ কাৰ্যকৰ্তা সকলৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছিল ৷ দলীয় কৰ্মীসকলে সমষ্টিটোত এগৰাকী বিজেপি প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনায় আহিছিল ৷ কিন্তু শীৰ্ষ নেতৃত্বই তৃণমূল কৰ্মী সকলৰ মতামতত গুৰুত্ব নিদি সমষ্টিটো ইউ পি পি এল দলক এৰি দিয়ে ৷ ফলত ক্ষোভিত কৰ্মীসকলে আজি চূড়ান্ত কাৰ্যসূচী গ্ৰহণ কৰি বিজেপি ত্যাগ কৰাৰো ভাবুকি দিয়ে ৷

লগতে পঢ়কঃধেমাজিত বিজেপিৰ ঘোষিত প্ৰাৰ্থী ৰণোজ পেগুক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.