নিউজ ডেস্ক, নতুন দিল্লীঃ শনিবাৰে কংগ্ৰেছে পাটনা চাহিবৰ পৰা শত্ৰুঘ্ন সিনহাক প্ৰাথিত্ব আগবঢ়ায় ৷ বি জে পি ত্যাগ কৰা কিছু ঘণ্টা পিচতে কংগ্ৰেছে এই কথা ঘোষণা কৰে ৷ 72 বছৰীয়া নেতা গৰাকীয়ে বৰ্ষীয়ান বি জে পি নেতা ৰবি শংকৰ প্ৰসাদৰ বিৰুদ্ধে নিৰ্বাচনী যুজঁত অৱতিৰ্ণ হ’ব ৷ হমিৰপুৰ লোক সভা সমষ্টীৰ পৰা বি জে পি সাংসদ অনুৰাগ ঠাকুৰৰ বিৰুদ্ধে হিমাচল প্ৰদেশৰ মন্ত্ৰী ৰামলাল ঠাকুৰক প্ৰক্ষেপ কৰিছে কংগ্ৰেছে ৷ পাঞ্জাৱৰ পৰা যশবীৰ সিং গিল ডিম্পাক খদুৰ চাহিব, প্ৰাক্তন আই এ এছ বিষয়া অমৰ সিংক ফাটেহগড় চাহিব (সংৰক্ষিত) আৰু লোক গীত গায়ক মহম্মদ ছাদিকক ফৰিদকোট লোকসভা সমষ্টীত প্ৰক্ষেপ কৰা হৈছে ৷ শেহতিয়াকৈ মুকলি কৰা 5জন প্ৰাথীৰ নাম ঘোষণা কৰা লগে লগে কংগ্ৰেছে লোক সভা নিৰ্বাচনৰ বাবে মুঠ 377 জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে ৷
শনিবাৰে দিনৰ ভাগত ঘোষণা কৰা প্ৰাৰ্থী সকলৰ নাম পাঞ্জাৱ, হিমাচল প্ৰদেশ আৰু বিহাৰৰ কংগ্ৰেছৰ নেতা সকলৰ লগত আলোচনা কৰি নিৰ্ধাৰিত কৰা হৈছে ৷ এই সভাত উপস্থিত থকা লোকসকলৰ ভিতৰত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, আশা কুমাৰী, কুনদীপ ৰাথোড়, মুকেশ অগ্নিহোত্ৰী আনি উপস্থিত থাকে ৷