ETV Bharat / elections

অসমত এতিয়া কেৱল চিণ্ডিকেট ৰাজ চলি আছে: ভূপেশ বাঘেল

author img

By

Published : Feb 20, 2021, 7:24 AM IST

শুক্ৰবাৰে ৰূপহীহাটৰ জুৰীয়া বগৰিগুৰী হাইমাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন দলীয় সভা ৷ এই সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু কংগ্ৰেছৰ দলীয় কৰ্মকৰ্তা সকল ৷

অসমত এতিয়া কেৱল চিণ্ডিকেট ৰাজ চলি আছেঃ ভূপেশ ৱাঘেল

ৰূপহীহাট, 20 ফেব্ৰুৱাৰীঃ আগন্তুক 2021 ৰ অসম বিধান সভাৰ নিৰ্বাচনক লৈ ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনীৰ গৰম বতাহ ৷ সভাই-সমিতিয়ে কেৱল ৰাজনৈতিক নেতাৰ কথাৰ কটা-কটি ৷ শুক্ৰবাৰে ৰূপহীহাটৰ জুৰীয়া বগৰিগুৰী হাইমাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন দলীয় সভা ৷ এই সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু কংগ্ৰেছৰ দলীয় কৰ্মকৰ্তা সকল ৷

এই সভাতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, আজি ৯০ দিন ধৰি দিল্লীত কৃষকে আন্দোলন কৰি আছে ৷ ন্যায়ৰ অপেক্ষাত প্ৰাণ আহুতি দিব লগাতো পৰিছে কৃষক সকলে ৷ তৎস্বত্তেও শাসনৰ গাদীত থকা চৰকাৰ খনে গুৰুত্ব দিয়া নাই । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক "সৰ্বানন্দ " বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষ্যক কতাক্ষ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় এতিয়া অসমৰ কতো আনন্দ নাই, কেৱল কয়লা চিণ্ডিকেট, তামোল চিণ্ডিকেটকে ধৰি বিভিন্ন চিণ্ডিকেটৰ লগত জড়িত সকলৰহে আনন্দ আহিছে । সৰ্ব সাধাৰণৰ পৰা আনন্দ বহুত দূৰত বুলিও নিজৰ ভাষণৰ প্ৰসংগত উল্লেখ কৰে ছত্তিশগড়ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ইফালে বিশাল গণসভা খনত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই কয় যে, এন আৰ চিৰ নামত দীৰ্ঘদিন ধৰি সংখ্যালঘু ৰাইজৰ মাজত বিভিন্ন ধৰণেৰে ভীতি প্ৰদৰ্শন কৰি আহিছে বিজেপি চৰকাৰ খনে । কংগ্ৰেছ শাসনলৈ আহিলে এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকক এন আৰ চিত অন্তভূক্ত কৰা হ’ব । কংগ্ৰেছৰ দিনত ডি ভোটাৰৰ সমস্যাৰ সমাধান কৰাৰ লগতে বিজেপিৰ নতুন ভূমি নীতিক নাকচ কৰি চৰ চাপৰিত জৰীপৰ জৰিয়তে সকলো ভূমি হীনক মাটি প্ৰদান কৰা হ’ব ।

আনহাতে কংগ্ৰেছ দলৰ প্ৰভাৱশালী প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে বিজেপি চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি কয় যে দিল্লীৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা ৰূপহীলৈ অহা যোৱা কৰিবলৈ ৬০লাখ টকা ব্যয় হয় । এই টকা তেওঁ ক'ত পালে ? এই টকা দুখীয়াৰ টকা । এতিয়া ৰাইজে অপেক্ষা কৰিছে বিজেপি চৰকাৰ কেতিয়া ক্ষমতাচ্যুত হ'ব বুলিও প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে বিধায়ক ৰকিবুল হুছেইনে । জন সভাখনত স্থানীয় বিধায়ক নুৰুল হুদায়ো ভাষণ প্ৰদান কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

লগতে পঢ়কঃ অপহৃত প্ৰণৱ গগৈৰ পৰিয়ালে ক'লে: তেওঁক হত্যা কৰাৰ আগত আমাক মাৰি যাওঁক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.