ৰূপহীহাট,16 জুলাই : বিভিন্ন জিলাৰ সমান্তৰালকৈ নগাঁও জিলাতো (Nagaon District) ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযানত অব্যাহত আছে ৷ জিলাখনত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সস্তম হৈ পৰিছে নগাঁও আৰক্ষী (Nagaon Police) ৷ এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ জুৰীয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে পিষ্টলসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক (Drugs peddler) আটক কৰিবলৈ সক্ষম হয় ৷
নগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত জুৰীয়া আৰক্ষীৰ এটা দলে ৰূপহীহাটৰ জুৰীয়া বজাৰ আৰু কদমনি পথাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ উক্ত অভিযানত কদমনি পথাৰ গাঁৱৰ পৰা ছেলিম উদ্দিন আৰু জুৰীয়া বজাৰৰ পৰা আতিকুল বাহাৰ নামৰ দুটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা 4 টাকৈ 7.9 সজীৱ গুলিসহ এটা হস্তনিৰ্মিত পিষ্টল (pistol) জব্দ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু দুটা ম'বাইল আৰু এখন বিলাসী বাহন জব্দ (Seized) কৰে।
জব্দকৃত বাহন খনৰ নম্বৰ হৈছে AR 01 L 1323 । ইফালে আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে জুৰীয়া আৰক্ষীয়ে ৷ যেতিয়ালৈ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বন্ধ নহ'ব, তেতিয়ালৈ ইয়াৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত থাকিব বুলি আৰক্ষীয়ে সকীয়াই দিয়ে ৷
ঠিক একেদৰে, চিৰাঙতো আৰক্ষী য়ে ড্ৰাগছ (Drugs) বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান । বৃহস্পতিবাৰে নিশা চিৰাঙৰ বিজনীৰ কাৱাটিকাত আৰক্ষী (Chirang Police)য়ে অভিযান চলাই ড্ৰাগছসহ এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আন্ধাৰৰ সুযোগলৈ পলায়ন কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰী (Drugs peddler)টো । চিৰাং আৰক্ষীয়ে বিজনীৰ কাৱাটিকাৰ খানপাৰাত চলোৱা অভিযানত আৰক্ষী (Chirang Police)য়ে তিনি পেকেট হেৰ’ইন (Heroin)সহ বাইকখন জব্দ কৰে ।
এক গোপন তথ্যৰ ভিত্তিত চিৰাঙৰ জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়সহ চিৰাং আৰক্ষী (Chirang Police)য়ে চলাই এই অভিযান ৷ আৰক্ষী (Chirang Police)য়ে গোপন সূত্ৰ ভিত্তিত ড্ৰাগছ সৰবৰাহকাৰী (Drug peddler) চানোৱাৰ হুছেইনৰ (২৪) ঘৰত অতৰ্কিতে চলায় এই অভিযান ৷
উক্ত অভিযানত আৰক্ষী (Chirang Police)য়ে ১৫৫.২ গ্ৰাম হেৰ’ইন (Heroin) জব্দ কৰে ৷ আনহাতে, অৰক্ষীয়ে জব্দ কৰা বাইকখনৰ নম্বৰ AS-26B-7976 ৷ অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই সৰবৰাহকাৰী (Drug peddler) চানোৱাৰ হুছেইনে আন্ধাৰৰ সুযোগলৈ পলায়ন কৰিবলৈ সক্ষম হয় ।