কলিয়াবৰ, 1 আগষ্ট : শনিবাৰে নিশা কলিয়াবৰৰ বৰালিগাঁৱত চাঞ্চল্যকৰ ডকাইতি (Robbery) কাণ্ড। ৰাষ্ট্ৰীয় ঘাইপথত (National High Way) দুৰ্বৃত্তই বাট আগচি ধৰে পল্লৱ বৰদলৈ নামৰ এজন যুৱকক । পল্লৱ বৰদলৈৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে মটৰ চাইকেল, ম'বাইল আৰু এ টি এম কাৰ্ডৰ লগতে পাৰ্চত থকা সকলো নথি-পত্ৰ ৷
উল্লেখ্য যে, "প্ৰিমিয়াম" নামৰ ব্ৰইলাৰ কোম্পানীত কৰ্মৰত পল্লৱ বৰদলৈয়ে নিশা কৰ্ম সমাপন কৰি চামগুৰিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে কলিয়াবৰ তিনিআলিস্থিত কাৰ্যালয়লৈ উভতি আহিছিল ৷ কাৰ্যালয়লৈ আহি থকা অৱস্থাত তিনিখন বাইকেৰে অহা 9 জনীয়া এটা দলে বাট আগছি ধৰে পল্লৱক ৷ পল্লৱে সদৰি কৰা মতে, দুৰ্বৃত্তৰ দলটোৱে মুখত ক'লা কাপোৰ পৰিধান কৰি হাতে হাতে খুকুৰী লৈ আহিছিল ৷ পল্লৱক মৃত্যুৰ ভাবুকি দি ডকাইতৰ দলটোৱে লুটপাত কৰে পল্লৱক ।
নিশা চামগুৰিৰ পৰা কলিয়াবৰ তিনিআলিস্থিত কাৰ্যালয়লৈ উভতি অহা সময়তে সংঘটিত হয় এই ডকাইতিকাণ্ডটো ।
লগতে পঢ়ক- শ্লীলতা হানিৰ চেষ্টা: মহানগৰীৰত যুৱকৰ বিৰুদ্ধে যুৱতীৰ ৰুদ্ৰৰূপ
উক্ত ঘটনাটো সন্দৰ্ভত পল্লৱে মিছা আৰক্ষী চকী (Misa Police Station)ত খবৰ দিয়ে ৷ পিচত নিশাই ঘটনাস্থলীত মিছা আৰক্ষীৰ এটা দল উপস্থিত হয় । নিশাই ডকাইতৰ দলটোৰ সন্ধানত অভিযান চলোৱাৰ পৰিৱৰ্তে পিছদিনা পুৱাহে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি আৰক্ষী দলটো উভতি যোৱা বুলি অভিযোগ ভুক্তভোগী পল্লৱৰ ।
সেয়েহে উক্ত ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰিবলৈ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক আহ্বান জনাইছে ভুক্তভোগী পল্লৱ বৰদলৈয়ে । অতি শীঘ্ৰে যাতে দুৰ্বৃত্তৰ দলটো কৰায়ত্ব কৰি উচিত শাস্তি দিয়ে ৷ লগতে লুটি নিয়া ধন, বাইক এ টি এম কাৰ্ডখন ঘূৰাই পোৱাৰ ব্যৱস্থা কৰে, তাৰ বাবে আহ্বান জনাইছে পল্লেৱে ৷ আৰক্ষীৰ তহলদাৰী পহৰা থকাৰ পাছতো এনে ধৰণৰ ঘটনা সংঘটিত হোৱাত শংকিত হৈ পৰিছে ৰাইজ ৷ এনে ঘটনাৰ বিৰুদ্ধে যাতে তীব্ৰ অভিযান চলাই তাৰ বাবে আৰক্ষীক আহ্বান জনাইছে ৰাইজে ৷
লগতে পঢ়ক- বন্ধুৰ সৈতে মিলি প্ৰেমিকাক ধৰ্ষণৰ অভিযোগ