ETV Bharat / crime

চাংসাৰীত PDSৰ চাউল ভৰ্তি ট্ৰাক জব্দ - চাংসাৰি

চাংসাৰীত শুকুৰবাৰে নিশা 470 বেগ চাউল ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

PDS Rice Loaded Truck Seized By Police At Baihata Sangsari
চাংসাৰিত 200 কুইণ্টল চাউল ভৰ্তি ট্ৰাক জব্দ
author img

By

Published : Jul 31, 2021, 3:18 PM IST

Updated : Jul 31, 2021, 3:41 PM IST

বাইহাটা, 31 জুলাই : এইবাৰ কামৰূপৰ চাংসাৰীত শুকুৰবাৰে নিশা পহৰাদাৰী আৰক্ষীৰ হাতত জব্দ এখন চোৰাং চাউল ভৰ্তি ট্ৰাক । চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰীত থানাৰ সন্মুখতে জব্দ হয় As 01 GC 3675 নম্বৰৰ চোৰাং চাউল ভৰ্তি ট্ৰাকখন । ট্ৰাকখনৰ চালক ফৰিজুল হক আৰু হেণ্ডিমেন আৰ্চিক আহমেদকো আটক কৰে চাংসাৰী আৰক্ষীয়ে (Changsari Police)।

শুকুৰবাৰে নিশা তহলদাৰী আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনত আছিল প্ৰায় 200 কুইণ্টল ৰাজহুৱা বিতৰন ব্যৱস্থাৰ চাউল (PDS Rice) । বৰপেটাৰ হাউলিৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ যোৱা অৱস্থাতে জব্দ কৰে ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনত 470 বেগ চাউল আছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে । ইফালে জব্দকৃত ট্ৰাকখনৰ গৰাকী হাউলিৰ শুকুৰ আলীৰ পুত্ৰ আৰ্চিক আহমেদ বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷

PDS Rice Loaded Truck Seized By Police At Baihata Sangsari
চাংসাৰীত 200 কুইণ্টল চাউল ভৰ্তি ট্ৰাক জব্দ

অধিক তথ্যৰ বাবে চাংসাৰী আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব এই চাউল সৰবৰাহৰ সৈতে আন কোন কোন লোক জড়িত আছে ৷ উক্ত ঘটনাৰ বাবে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক -অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ এজাহাৰ

ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতো ৰাজ্যত অব্যাহত আছে চোৰাং চাউলৰ ৰমৰমীয়া বেহা । এচাম অসাধু ব্যৱসায়ীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল সৰবৰাহ কৰি লুটি আহিছে লাখ-লাখ টকা। অৱশ্যে ইয়াৰ বিৰুদ্ধে আৰক্ষীয়েও অভিযান অব্যাহত ৰাখিছে ৷

সমান্তৰালকৈ ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কামৰূপ জিলাৰ বাইহাটাকে আদি কৰি ভিন্ন প্ৰান্তত আৰক্ষী সস্তম হৈ পৰিছে ৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে লাখ-লাখ টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো সৰবৰাহকাৰী ৷ জিলাখনত যাতে কোনো নিচাজাতীয় সামগ্ৰী সৰবৰাহ তথা অপৰাধজনিত ঘটনা সংঘটিত কৰা লোক সাৰি নাযায়, তাৰবাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক - কংগ্ৰেছৰ বাবেহে সীমান্তত এনে বৰ্বৰ ঘটনা সংঘটিত হৈছে : অতুল বৰা

Last Updated : Jul 31, 2021, 3:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.