শদিয়া, 9 জুন: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ টঙনা আৰক্ষী থানাৰ অন্তগত ২নং কাঁচিজানত বৃহৎ পৰিমানৰ কানিসহ এজনক গ্ৰেপ্তাৰ ৷ আৰক্ষীয়ে নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজন বিকাশ মৰাণ (32) বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ পৰা প্ৰায় আধা কি: গ্ৰা: কানিসহ নগদ ৫৭,৭০০ টকা জব্দ কৰিছে ৷
![opium-recovered-at-kakopother](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-sadiya-9jun-opiumrecoverednews-mintutalukdar_09062021143032_0906f_1623229232_408.jpg)
টঙনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনোদ কোঁচৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে বিশেষ সুত্ৰৰ পম খেদি উক্ত সফলতা লাভ কৰে ৷ টঙনা আৰক্ষীৰ এনে তৎপৰতাক শলাগিছে অঞ্চলবাসীয়ে ৷
লগতে পঢ়ক: আগষ্টত অনুষ্ঠিত হ’ব পাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা