ETV Bharat / crime

গোলাঘাট ফৰকাটিঙত এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক

গোলাঘাট ফৰকাটিঙৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler) পাপু আলিক গ্ৰেপ্তাৰ। কিছুদিন পূৰ্বে ধৃত পাপু আলিৰ তিৰুৱাল বৰফুকন খাটৰ নিৰ্মিয়মান বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছৰ লগতে পিষ্টল, গ্ৰেণেড, সেনাৰ পোছাক আদিও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

One drugs paddler arrested By Police At Golaghat District
গোলাঘাট ফৰকাটিঙত এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক
author img

By

Published : Jun 28, 2021, 10:54 AM IST

গোলাঘাট, 28 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতেই ইতিমধ্যে ৰাজ্যৰ প্ৰশাসনিক বিভাগতো ব্যাপক ৰদবদল কৰা হৈছে ৷ প্ৰত্যকখন জিলাতে ড্ৰাগছ তথা অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰৰ পৰা তীব্ৰতৰ কৰিছে অভিযান ৷

গোলাঘাট ফৰকাটিঙত এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক

ইতিমধ্যে আৰক্ষীৰ অভিযানত প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs paddler) ৷ তেনে এক অনুৰূপ ঘটনা এটা দেওবাৰে পোহৰলৈ আহিছে গোলাঘাটত ৷ গোলাঘাট জিলাৰ ফৰকাটিঙত আৰক্ষীয়ে এক অভিযান চলাই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী (Drugs paddler)এজনক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীটোৰ নাম হৈছে পাপু আলি।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ধৃত পাপু আলিৰ তিৰুৱাল বৰফুকন খাটৰ নিৰ্মিয়মান বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । উক্ত ঘটনাৰ পিছতে ড্ৰাগছ মাফিয়া পাপু আলি আৰক্ষী পৰা পলাই ফুৰিছিল । অৱশেষত গোলাঘাট ফৰকাটিং আৰক্ষীয়ে ফৰকাটিং অঞ্চলৰ পৰা ড্ৰাগছ মাফিয়া পাপু আলিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

পাপু আলি ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগত জড়িত আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ পাইছে । যোৱা ২০১৯ চনৰ ২৬ ছেপ্টেম্বৰত পাপু আলিৰ ঘৰত অভিযান চলাই ঘৰৰ বিভিন্ন স্থানৰ পৰা পিষ্টল, গ্ৰেণেড, সেনাৰ পোছাক আদিও উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । গোলাঘাট জিলাৰ বিভিন্ন এলেকাৰ লগতে অন্য জিলালৈও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছে পাপু আলি বিৰুদ্ধে। অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-সেনাই আটক কৰিলে প্ৰাক্তন আলফা নেতা বলীন বৰুৱাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.