ETV Bharat / crime

নগাঁৱত ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন কৰা ৰোগীক পুনৰ আটক - ক’ভিড 19

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিসালয় (Bhogeswari Phukanani Civil Hospital)ৰ পৰা পলায়ন কৰে এগৰাকী কভিডত আক্ৰান্ত হোৱা লোক ৷ ইতিমধ্যে বটদ্ৰৱাৰ ভোগবাৰী গাঁৱৰ ৰাইজে লোক জনক আটক কৰি জাজৰী আৰক্ষী থানাত চমজাই দিয়ে ৷

one-covid-patient-escape-from-nagaon-civil-hospital
নগাঁৱত ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলায়ন কৰা ৰোগীক পুনৰ আটক
author img

By

Published : Jun 30, 2021, 2:08 PM IST

নগাঁও, 30জুন : ৰাজ্যত ক'ভিড আক্ৰান্তৰ সংখ্যা কিছু নিম্নগামী হৈছে যদিও অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । ইয়াৰ বিপৰীতে ৰাজ্যত কৰ'ণা আতংকৰ সময়তে বিভিন্ন জিলাৰ ক'ভিড চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে বহু কেইজন কৰ'ণা ৰোগী ৷ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে নগাঁও জিলাত ৷ নগাঁও জিলাতো বৰ্তমান ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷

আতংকময় পৰিৱেশৰ মাজতেই এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁৱত । উল্লেখ্য যে, তিনিদিন পূৰ্বে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎকালয় (Bhogeswari Phukanani Civil Hospital)ত ভৰ্তি হৈছিল ৰমাকান্ত লস্কৰ নামৰ এজন কভিড ৰোগীয়ে । দুটা দিন চিকিৎসালয়খনত থকাৰ পিছত মঙলবাৰে পুৱা হঠাৎ চিকিৎসালয়ৰ পৰা নোহোৱা হয় ৰমাকান্ত নামৰ লোকজন ।

দেহত মাৰাত্মক ক'ভিডৰ ভাইৰাছ লৈ পলায়ন কৰা লোকজনক লৈ হুৱা দুৱা লাগে চিকিৎসালয় কৰ্তৃপক্ষৰ মাজত । পুৱাই চিকিৎসালয়ৰ পৰা পলায়ন কৰা লোকজনক বিচাৰি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। উক্ত ঘটনাটো ততালিকে আৰক্ষীক অৱগত কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷

ইফালে চিকিৎসালয় খনৰ পৰা পলায়ন কৰা ৰমাকান্ত নামৰ ব্যক্তিজন আশ্ৰয় লৈ আছিল বটদ্ৰৱাৰ ভোগবাৰী গাঁৱৰ এজন আত্মীয়ৰ ঘৰত । উক্ত ঘটনাটো পোহৰলৈ অহাত এক আতংকময় পৰিৱেশে বিৰাজ কৰে গাঁওখনত । অৱশেষত গাওঁখনৰ কেইজনমান সচেতন লোকে ক'ভিড আক্ৰান্ত লোকজনক আটক কৰি চমজাই দিয়ে আৰক্ষীক ।

নগাঁৱৰ জাজৰী আৰক্ষী থানাত (Jajari Police Station) চমজাই দিয়াত আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ লোকক খবৰ দিয়ে আৰু এম্বুলেঞ্চৰ সহায়ত লোকজনক পুনৰ চিকিৎসালয়লৈ লৈ যোৱা হয় । কি অৱস্থাত কিয় লোকজন চৰকাৰী চিকিৎসালয়ৰ পৰা পলায়ন কৰিবলগীয়া হ'ল এই সন্দৰ্ভত এই পৰ্যন্ত জানিব পৰা নাই। উল্লেখ্য যে, যিটো সময়ত চৰকাৰ তথা বিভিন্ন দল সংগঠনে কৰ'ণা প্ৰতিৰোধৰ বাবে প্ৰত্যেকখন জিলাতে ক'ভিড সজাগত তথা বিভিন্ন ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী হাতত লৈছে ৷ তেনে সময়তেই বহু সংখ্যক লোকে এই ৰোগৰ সন্দৰ্ভত এতিয়াও কোনো সতৰ্কতা অৱলম্বন কৰা দেখা হোৱা নাই ৷

ইফালে এই ৰোগত দৈনিত হাজাৰ হাজাৰ লোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷ সেয়ে সজাগ সচেতন নহ'লে কোনো কাৰণতে যে কৰ'ণা প্ৰতিৰোধ কৰিব নোৱাৰা সেইটো 100 শতাংশই সত্য ৷

লগতে পঢ়ক-মৰিগাঁৱত মঙলবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত 18 টা শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.