ETV Bharat / crime

ডিমা হাছাওত ড্ৰাগছসহ কৰায়ত্ত এজন

author img

By

Published : Jul 6, 2021, 3:11 PM IST

হাফলং চহৰৰ মহাদেৱ টিলাৰ মুছলিম বস্তিৰ এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে মইনুল হকক গ্ৰেপ্তাৰ কৰে । ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে 6.41 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ।

ডিমা হাছাওত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ডিমা হাছাওত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

ডিমা হাছাও, 6 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে শূন্য সহণশীল নীতি গ্ৰহণ কৰাৰ পিচতে ৰাজ্যখনৰ এখন পাছত আনখন জিলাত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে । আৰক্ষীয়ে প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ বেহাৰ লগত জড়িত বহু অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰ নিশা ডিমা হাছাওৰ পৰা অসম আৰক্ষীয়ে ড্ৰাগছসহ এজন লোকক গ্ৰেপ্তাৰ কৰে ।

ডিমা হাছাওত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ডিমা হাছাওত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

আৰক্ষীয়ে আটক কৰা লোকজন মইনুল হক বুলি জানিব পৰা হৈছে । হাফলং চহৰৰ মহাদেৱ টিলাৰ মুছলিম বস্তিৰ এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে মইনুল হকক গ্ৰেপ্তাৰ কৰে । ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে 6.41 গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে । মইনুলে বৰাক উপত্যকাৰ পৰা আহি ডিমা হাছাও জিলাত বসবাস কৰি দীর্ঘদিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা হৈছে ৷

অসম আৰক্ষীৰ আৰক্ষী বিষয়া মাইতি বসুমতাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই মইনুল হকক গ্ৰেপ্তাৰ কৰে ৷

ডিমা হাছাওত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন

মাইতি বসুমতাৰীয়ে জানিবলৈ দিয়া অনুসৰি বিগত কেইদিন ধৰি আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আহিছিল । আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ অনতিপলমে মইনুলৰ লগতে ড্ৰাগছৰ ব্যৱসায়ত জড়িত আৰু অপৰাধীক আৰক্ষী কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰে ৷ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান অব্যাহত ৰাখি অসমৰ ৰাইজক ড্ৰাগছৰ পৰা মুক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব ৷

লগতে পঢ়ক : ই-কমাৰ্চ বিধি 2020: 21 জুলাইলৈ প্ৰকাশ কৰিব পাৰিব মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.