ETV Bharat / crime

কেনেদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

দীৰ্ঘদিন ধৰি মানৱ দেহৰ অংগৰ বেহা চলাই অহা বেপাৰীৰ বিৰুদ্ধে কিডনী দি মূল্য লাভৰ পৰা বঞ্চিত হোৱাত এজন দুৰ্ভগীয়া লোকৰ অভিযোগৰ ভিত্তিত দেওবাৰে মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত গ্ৰেপ্তাৰ হৈছিল এই ব্যৱসায়ৰ এগৰাকী মাষ্টৰ মাইণ্ড লিলিমাই বড়ো । ইয়াৰ পিছতেই এই ঘটনা সন্দৰ্ভত উন্মোচিত হৈছে বহু নতুন তথ্য ৷

author img

By

Published : Jul 12, 2021, 4:20 PM IST

Updated : Jul 15, 2021, 10:56 AM IST

morgiaon-illegal-organ-trading-case
কেনদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

মৰিগাওঁ, 12 জুলাই : মৰিগাঁৱৰ দক্ষিণ ধৰমতুলত সংঘটিত হোৱা মানৱ দেহৰ অংগৰ ব্যৱসায় (illegal organ trading)ৰ ঘটনাই লৈছে নতুন মোৰ ৷ দেওবাৰে মৰিগাঁও জিলাৰ দক্ষিণ ধৰমতুল গাঁৱত মানৱ শৰীৰৰ অংগৰ বিনিময়ত আগধন দিবলৈ গৈ এই চক্ৰটোৰ সৈতে জড়িত লিলিমাই বড়ো নামৰ মহিলাগৰাকী গাঁওৰক্ষী বাহিনী তথা আৰক্ষীৰ ফান্দত পৰিছিল ৷ ইয়াৰ পিছত এতিয়া পোহৰলৈ আহিছে চক্ৰটোৰ সৈতে জড়িত আন কিছু ব্যক্তিৰ নামৰ লগতে উদঘাটন হৈছে নতুন নতুন তথ্য ৷

জানিব পৰা মতে, ৰমেন মেধি নামৰ এজন লোকে ২০২০ বৰ্ষৰ লক ডাউনৰ সময়ত দক্ষিণ ধৰমতুলৰ এগৰাকী অসহায় পিতৃক নিজৰ জালত পেলাইছিল ৷ অসহায় লোকজনৰ হৃদৰোগত আক্ৰান্ত সন্তানৰ চিকিৎসা ব্যয় বহন কৰাৰ লগতে পাঁচ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰমেন মেধিয়ে ৷ পৰৱৰ্তী সময়ত ৰমেন মেধি, লিলিমাই বড়ো আৰু নিতু দাস আদি কেইজনমান ব্যক্তিয়ে লোকজনক কলিকতাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ চিকিৎসালয়লৈ নি তেওঁৰ কিডনী উলিয়াই পাঁচ লাখৰ পৰিৱৰ্তে ডেৰ লাখ টকা দি পঠিয়াই দিয়ে ৷

কেনদৰে চলে মানৱ দেহৰ অংগৰ বেহা ?

চুক্তি অনুসৰি টকা দিয়াৰ লগতে কণমানিটোৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত পাভ লুটি মাৰিছিল চক্ৰটোৱে ।

ইয়াৰ পিছতে, প্ৰতাৰণাৰ বলি হোৱা লোকজনে সমগ্ৰ ঘটনাটো পোহৰলৈ আনে ৷ লগে লগেই আন এক নতুন তথ্য উন্মোচিত হয় যে ইতিমধ্যে গাঁওখনৰ বিশ জনতকৈ অধিক দুখীয়া অসহায় লোক এই চক্ৰটোৰ বলি হৈছে ৷ আনহাতে, কলিকতাৰ একেখন চিকিৎসালয়ত নিজৰ অংগ প্ৰদান কৰিবলৈ সাজু হৈ আছে গাঁওখনৰ আন পাঁচ গৰাকীকৈ লোক ৷

উল্লেখযোগ্য যে, এই চক্ৰটোৱে অসহায় দুখীয়া লোকক প্ৰথমে নিজৰ জালত পেলাই লয় ৷ পৰৱৰ্তী সময়ত,পৰিয়ালৰ লোকক অংগ দান কৰা বুলি চুক্তিত স্বাক্ষৰ কৰাই লৈ বহিঃৰাজলৈ নি ধনৰ বিনিময়ত শৰীৰৰ অংগ বিক্ৰী কৰিবলৈ প্ৰলোভিত কৰে ৷ অৱশেষত, এগৰাকী অসহায় পিতৃৰ স্বীকাৰোক্তিৰ পিছত দেওবাৰে গাঁওৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে এই চক্ৰটোৰ এগৰাকী মাষ্টাৰ মাইণ্ড স্বৰূপ গুৱাহাটীৰ লিলিমাই বড়ো নামৰ মহিলা গৰাকীক আটক কৰে ৷

জানিব পৰা মতে, গাঁওখনৰ কোনো লোকক অংগ বিক্ৰীৰ বাবে আগধন দিবলৈ আহিছিল লিলিমাই বড়ো ৷ মানৱ শৰীৰৰ অংগৰ এই ভয়ানক বেহাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷ অৱশ্যে, এই সম্পৰ্কত অতি তৎপৰতাৰে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক (SP Morigaon) গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে ৷

লগতে পঢ়ক : ৰাজ্যত চলিছে মানৱ দেহৰ অংগৰ ভয়ংকৰ বেহা

Last Updated : Jul 15, 2021, 10:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.