ধুবুৰী, 14 ফেব্ৰুৱাৰী : ধুবুৰীত নেভাৰ্ডৰ ভয়ংকৰ দুৰ্নীতি । বছৰ বছৰ ধৰি চলিছে লুণ্ঠন । গৃহহীন মানসিক বিকাগ্ৰস্ত ব্যক্তি সকলোৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে আৱন্টন দিয়া আঁচনিৰ ধনৰ নাই কোনো হিচাপ । কেৱল ফেচবুকৰ 'ৱেব পেজ'ত হে জিলিকিছে নেভাৰ্ডৰ আঁচনি ।
উল্লেখ্য যে, 2 ফেব্ৰুৱাৰীত ধুবুৰী আৰক্ষীয়ে এজন অচিনাক্ত গৃহহীন মানসিক বিকাৰগ্রস্থ লোকক ভৰ্তি কৰাই ধুবুৰী অসামৰিক চিকিৎসালয়ত । লোকজনৰ দুয়োখন ভৰি বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে । চিকিৎসকে চিকিৎসা প্ৰদান কৰিছে যদিওঁ লোকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
লক্ষণীয় বিষয় যে, অসম চৰকাৰে গৃহহীন, মানসিক বিকাৰগ্রস্ত ৰোগী সকলক থকা-খোৱা আৰু সু-চিকিৎসাৰ কৰাৰ বাবে গুৱাহাটীৰ 'নৰ্থ ইষ্ট ভলেণ্টাৰী এছোচিয়েশ্বন অফ ৰুৰেল ডেভলপমেণ্ট' (নেভাৰ্ড) নামৰ স্বেচ্ছাসেৱী সংগঠন এটাক বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষত কাম কৰাৰ বাবে বিত্তীয় অনুদান আগবঢ়াই আহিছিল ।
লগতে পঢ়ক : পৰেশ বৰুৱাৰ বাসগৃহত তামোল-পাণ লৈ উপস্থিত অপহৃতৰ পৰিয়াল
অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ নিৰ্দেশ অনুসৰি সংস্থাটোৱে ধুবুৰী চহৰত ঘৰ এটি ভাড়াত লৈ প্ৰজেক্টৰ কাম আৰম্ভ কৰিছিল যদিও কৰ্তৃপক্ষৰ হেমাহিৰ ফলত বৰ্তমান সাময়িকভাৱে ধুবুৰীত বন্ধ হৈ আছে এই প্ৰজেক্টটোৰ কামকাজ ।
![massive-corruption-in-dhubri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-03-14feb-nevard-ngo-visbyte-as10041_14022021190802_1402f_1613309882_1077.jpg)
ইপিনে, দুদিনমান পূৰ্বে দুজনকৈ মানসিক বিকাৰগ্ৰস্ত, গৃহহীন ৰোগীক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা বুলি কৈ নেভাৰ্ড প্ৰকল্পৰ সঞ্চালক আবু নাচেৰ জেলানিয়ে নেভাৰ্ড কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই বৰপেটাৰ পৰা এগৰাকী হিতাধিকাৰী ইতিমধ্যে সন্ধানহীন হোৱা বুলিও এক চাঞ্চল্যকৰ মন্তব্য কৰে ।
লগতে পঢ়ক : ভাৰ্চুৱেলী পুলিবৰ আৰক্ষীৰ থানাৰ নতুন গৃহ উন্মোচন মুখ্যমন্ত্ৰীৰ