ETV Bharat / crime

অসম-অৰুণাচল সীমান্তত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ শিশু - VDP

জোনাইৰ তৰাজান গাঁওৰক্ষী বাহিনীয়ে ডিব্ৰুগড়ৰ লেপেটকটাৰ পৰা অপহৃত এগৰাকী ১০ বছৰীয়া শিশুক উদ্ধাৰ কৰে ৷ অৰুণাচলত বিক্ৰীৰ বাবে নি থকা অৱস্থাতে অসম-অৰুণাচল সীমান্ত ১৫ ৰাষ্ট্ৰীয় ঘাইপথৰ এখন হোটেলৰ পৰা গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰিলে কন্যা শিশু গৰাকীক ৷

kidnapped-minor-girl-rescued-in-assam-arunachal-border-right-before-kidnappers-tried-to-sell-her
অসম অৰুনাচল সীমান্তত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ হ’ল শিশু
author img

By

Published : Aug 17, 2021, 10:39 PM IST

জোনাই, ১৭ আগষ্ট : জোনাইত যোৱা ১১আগষ্ট তাৰিখে এজনী কণমানিক অপহৰণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে মঙলবাৰে পুনৰ উদ্ধাৰ হৈছে এগৰাকী অপহৃত শিশু ৷ জানিব পৰা মতে, জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰোকচিনলৈ ডিব্ৰুগড় লেপেটকটাৰ পৰা এগৰাকী ১০ বছৰীয়া শিশু অপহৰণ কৰি নিয়া হৈছিল ৷ অৰুণাচল প্ৰদেশত বিক্ৰীৰ বাবে নিয়া সময়ত সোমবাৰে নিশা ২ নং তৰাজান গাঁওৰক্ষী বাহিনীয়ে কন্যা শিশুটিক উদ্ধাৰ কৰি অৰুণাচল আৰক্ষীক গতাই দিয়ে ৷

অসম অৰুনাচল সীমান্তত বিক্ৰীৰ বাবে নিয়া অৱস্থাত উদ্ধাৰ হ’ল শিশু

পিছত জোনাইৰ ২ নং তৰাজান গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰা শিশু গৰাকীক অৰুণাচল প্ৰদেশৰ ৰোকচিন আৰক্ষীৰ সহযোগত মঙলবাৰে পুৱাই জোনাই আৰক্ষীক গতাই দিয়া হয় ৷ গাঁওৰক্ষী বাহিনীয়ে জনোৱা মতে, সোমবাৰে নিশা ডিব্ৰুগড়ৰৰ লেপেটকটা চাহ বাগানৰ পৰা অজ্ঞাত ব্যক্তিয়ে অপহৰণ কৰি নিছিল কন্যা শিশু গৰাকীক ৷ অৰুণাচলত বিক্ৰীৰ বাবে নি থকা সময়ত এন্ধাৰ হোৱাত জোনাই সীমান্তৰ অৰুণাচলৰ ৰোকচিনৰ এঘৰ মানুহৰ ঘৰত নিশা কটাবৰ বাবে অপহৰণকাৰীয়ে আশ্ৰয় বিচাৰে ৷

অৱশ্যে, মানুহ ঘৰে থাকিবলৈ আশ্ৰয় নিদিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা 'ডেকা হোটেল' নামৰ হোটেলখনত নিশাটোৰ বাবে অপহৃতাক ৰাখি থৈ যায় ৷ অপহৰণকাৰীয়ে ৰাতিপুৱা কিশোৰী গৰাকীক নিবলৈ অহাৰ প্ৰতিশ্ৰুতি দি হোটেলত এটা মৱাইল নম্বৰ লিখি থৈ যায় ৷

ইফালে, ম’বাইল নম্বৰটো মাত্ৰ ৯ টা হে নম্বৰ লিখি অপৰাধীজনে নম্বৰবিহীন মটৰ চাইকেলেৰে উক্ত স্থানৰ পৰা উধাও হয় ৷ অপহৃতা গৰাকীৰ ভাষ্য অনুসৰি অজ্ঞাত ব্যক্তি জনে তেওঁক জন্মদিন খাৱলৈ লৈ যাম বুলি আনি বিক্ৰীৰ চেষ্টা চলাইছিল ৷ বৰ্তমান শিশু গৰাকী জোনাই আৰক্ষীৰ জিম্মাত আছে আৰু পৰিয়ালৰ লোকক তেওঁ উদ্ধাৰ হোৱাৰ খবৰ ইতিমধ্যে দিয়া হৈছে বুলি গাঁওৰক্ষী বাহিনীয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক : সপোন বিয়াৰ : প্ৰতাৰক প্ৰেমিকে হাৰিয়ানালৈ নি বিক্ৰী কৰিলে প্ৰেয়সীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.