ETV Bharat / crime

অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট - Barpeta police

বৰপেটাত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ (Excise Department) অভিযান ৷ উক্ত অভিযানত 7 লিটাৰ চুলাই নষ্ট কৰাৰ লগতে কেইবাটাও অবৈধ চুলাই ঘাটি উচ্ছেদ কৰে আবকাৰীৰ দলটোৱে ৷

Illegal's Liquor Seized By excise department in barpeta District
অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট
author img

By

Published : Jul 19, 2021, 8:18 AM IST

বৰপেটা, 19 জুলাই : সমগ্ৰ ৰাজ্যখনতেই ড্ৰাগছ( Drugs) তথা নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ সমান্তৰালকৈ বৰপেটা জিলাতো অবৈধ চুলাই তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে সস্তম হৈ পৰিছে বৰপেটাৰ আৰক্ষী তথা আবকাৰী বিভাগ (Excise Department) ৷ দেওবাৰেও অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগে এটা অভিযান চলায় ৷ বৰপেটাৰ জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে দেওবাৰে জিলাখনৰ শুভা, গৰেট্টাৰী, বহৰি ৰিজাৰ্ভ গাঁৱৰ লগতে বৰপেটা চহৰৰ ৰায়তপাৰা, জেইল ৰোড আদি বিভিন্ন স্থানত আবকাৰী বিভাগে অভিযান চলায় ৷

উক্ত অভিযানত অঞ্চলসমূহৰ পৰা কেবাটাও অবৈধ চুলাই ঘাটি উচ্ছেদ কৰাৰ লগতে শ শ লিটাৰ অবৈধ চুলাই নষ্ট কৰে আৰক্ষীয় তথা আবকাৰী বিভাগে ৷ ইফালে, আবকাৰী বিভাগৰ অধীক্ষক আৰু উপ অধীক্ষকৰ নেতৃত্বত চলা এই অভিযানত চুলাইত ব্যৱহৃত প্ৰায় ৩ হাজাৰ কিলোগ্ৰাম কেঁচামালৰ লগতে বিভিন্ন সা-সামগ্ৰী ভাঙি নষ্ট কৰা হয় ৷ অৱশ্যে এই অভিযানত কোনো লোকক আটক কৰা নাই আবকাৰী বিভাগৰ দলটোৱে ৷

Illegal's Liquor Seized By excise department in barpeta District
অবৈধ চুলাই ঘাটিত লিটাৰে লিটাৰে চুলাই নষ্ট

ঠিক একেদৰে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে 7 জুলাই বুধবাৰে পুৱা বৰপেটা চহৰত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ আইএমএলএফ আৰু চুলাই জব্দ কৰিছিল ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গান্ধীনগৰত চলাইছিল এই অভিযান ৷

আৰক্ষীয়ে জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় 40 হাজাৰ টকা বুলি জানিব পৰা গৈছিল ৷ বৰপেটা আৰক্ষীয়ে (Barpeta Police) গান্ধীনগৰৰ মনোৰঞ্জন দাস নামৰ লোকজনৰ ঘৰত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছিল সুৰাখিনি ৷ অৱশ্যে সুৰা ব্যৱসায়ৰ সৈতে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷ সুৰা নিষিদ্ধ সত্ৰনগৰী বৰপেটাত অবৈধ সুৰা ব্যৱসায়ীয়ে সামাজিক পৰিৱেশ কলুষিত কৰি তোলাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে বৰপেটা আৰক্ষীয়ে ৷

লগতে পঢ়ক-মেট্ৰিকৰ ফলাফলৰ কেলেংকাৰীৰ বিৰুদ্ধে শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.