বঙাইগাঁও,3 মে': বঙাইগাঁও জিলাত ক'ভিড ১৯ ত আক্ৰান্তৰ সংখ্যাই দ্বি-শতকৰ ঘৰ অতিক্ৰম কৰাৰ পিছতো গা লৰা নাই একাংশ জুৱাৰীৰ লগতে আৰক্ষীৰ । মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাশবাৰী আৰু বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত বালাৰচৰত অবৈধভাৱে চলি আছে জাণ্ডি-মুণ্ডাৰ জুৱা খেল । জুৱাৰীৰ মুখত নাই মাস্ক, নাই সামাজিক দূৰত্ব । কৰ’ণা মহামাৰীৰ কথা যেন তেওঁলোকে পাহৰি গৈছে । দীৰ্ঘদিন ধৰি চলি আছে এই জুৱা খেল । আৰক্ষীক বাৰ বাৰ জনোৱাৰ পিছতো ৰহস্যজনকভাৱে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই ।
জানিব পৰা মতে, মতলেব আলী নামৰ এজন ব্যক্তিৰ নেতৃত্বত জাণ্ডি-মুণ্ডা জুৱাখেল অনুষ্ঠিত হৈ আছে । মাণিকপুৰ আৰু বৰঘোলা আৰক্ষীয়ে সকলো দেখিও চকুমুদা কুলিৰ ভাও ধৰি থকাৰ অভিযোগ কৰিছে সচেতন ৰাইজে ৷
লগতে পঢ়ক : মমতা-ষ্টেলিনক অভিনন্দন ছোনীয়াৰ