ডিগবৈ,12 জুন : ডিগবৈ আৰক্ষীৰ দ্বাৰা বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে । ৰাজ্যৰ লগতে তৈলনগৰী ডিগবৈৰ আৰক্ষী প্ৰশাসনো ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা দেখা হৈছে ৷ এটা গোপন সূত্ৰৰ পম খেদি ডিগবৈ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপ জোতি নাথৰ নেতৃত্বত শনিবাৰে বজন পৰিমাণৰ ড্ৰাগছসহ পল্লৱ দাস নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছিল ।

ইফালে ডিগবৈ আৰক্ষী প্ৰশাসনে পল্লৱ দাসক জেৰা চলোৱাত পল্লৱৰ স্বীকাৰোক্তিৰ ভিত্তিত কাকপথাৰৰ পৰা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাসৰ নেতৃত্বত আৰু ডিগবৈ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপজোতি নাথৰ সহযোগত শনিবাৰে নিশা পুনৰ অভিযান চলাই ৷ আৰক্ষীৰ অভিযানত গকুল নেওঁগ নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীক নিজা বাসগৃহৰ পৰা আটক কৰে ৷ ধৃত সৰবৰাহকাৰীটোৰ পৰা প্ৰায় ২৩.৬১০ গ্ৰাম নিসিদ্ধ ড্ৰাগছ , চিৰিঞ্জসহ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ইতিমধ্যে দুয়োটা ড্ৰাগছ ব্যৱসায়ীক ডিগবৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
ঠিক একেদৰে মহানগৰৰ আৰক্ষীয়ে গুৱাহাটীৰ অলিয়ে-গলিয়ে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বজাৰ উচ্ছেদ কৰি থকাৰ সময়তে বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীৰ সহযােগত অপৰাধ শাখাই উৎখাত কৰে ড্ৰাগছৰ এটা বৃহৎ ঘাটি । গণেশগুৰিৰ নয়নপুৰৰ ৪ নং উপ-পথৰ এটা ঘৰত ভাৰাতীয়া হিচাপে থাকি ড্ৰাগছৰ ব্যৱসায় চলাই থকা ৪ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোৱে ।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰা যুৱককেইজন ক্ৰমে, ধুবুৰীৰ অভিক চক্ৰৱৰ্তী, বিক্রম হালদাৰ, উত্তৰাখণ্ডৰ পংকজ আৰিয়া আৰু বশিষ্ঠৰ অমৰজিৎ সিনহা । ইপিনে, আৰক্ষী অহাৰ খবৰ পাই ঘৰটোৰ পৰা পলায়ন কৰে ড্ৰাগছ মাফিয়া ৰাহুল দাসে । স্থানীয় লোকৰ তথ্য অনুসৰি, দীৰ্ঘদিনৰ পৰা ঘৰটোত প্রতিদিনেই ড্ৰাগছৰ আড্ডা বহাৰ লগতে পলাতক ড্ৰাগছ মাফিয়া ৰাহুল দাসে চলাইছিল ড্ৰাগছৰ ক’লা বজাৰ ।
লগতে পঢ়ক-ড্ৰাগছ বিৰোধী অভিযানৰ সাফল্যত সহযোগ লাগিব মণিপুৰ-নগালেণ্ডৰ