ETV Bharat / crime

দলগাঁৱত হস্তনিৰ্মিত পিষ্টল সহ‌ এজনক আটক

author img

By

Published : Aug 6, 2021, 9:50 PM IST

দলগাঁৱৰ (Dalgaon) চোকাবাহী গাঁৱত হস্তনিৰ্মিত পিষ্টল সহ‌ এজনক আটক । গাওঁৰক্ষী বাহিনী (Village Guird) ৰ লোকে আটক কৰি চমজাই দিয়ে আৰক্ষীক ।

Handmade Pistol With One Person Arrested By Police At Dalgaon
দলগাঁৱত হস্তনিৰ্মিত পিষ্টল সহ‌ এজনক আটক

দলগাঁও,৬ আগষ্ট : দৰং জিলা (Darrang District)ৰ দলগাঁৱত শুকুৰবাৰে হস্তনিৰ্মিত পিষ্টল (Handmade Pistol) সহ এজনলোকক আটক (Arrest) কৰা হয় ৷ ধৃত লোকজনৰ নাম হবিবুৰ ৰহমান ৷ দলগাঁৱৰ চোকাবাহী গাঁৱৰ গাঁওৰক্ষী বাহিনী (Village Guard)ৰ সহযোগত দলগাঁও আৰক্ষী (Dalgaon Police)য়ে আটক কৰে হবিবুৰ ৰহমানক ৷ হবিবুৰৰ পৰা হস্তনিৰ্মিত পিষ্টলৰ সৈতে দুটা গুলীও (Bullet) জব্দ (Seized) কৰে আৰক্ষীয়ে ৷

জানিব পৰা মতে, ধৃত হবিবুৰৰ ঘৰ ৰৌতাৰ ইকৰাবাৰী গাঁৱত ৷ হবিবুৰ ৰহমানে চোকাবাহী গাঁৱত সন্দেহজনক অৱস্থাত ঘুৰি ফুৰাত কোনো ডকাইতি অথবা চুৰিকাণ্ড কৰিবলৈ অহা বুলি গাঁওৰক্ষী বাহিনীৰ লোকৰ মনত সন্দেহ হয় ৷ সন্দেহ হোৱাত হবিবুৰক আটক কৰে হবিবুৰক ৷ ইফালে হবিবুৰক তালাচি কৰাত এটা হস্ত নিৰ্মিত পিস্তল প্ৰত্যক্ষ কৰে গাঁওৰক্ষীবাহিনীয়ে ৷

ততালিকে পিষ্টলৰ সৈতে ধৃত হবিবুৰক দলগাঁও আৰক্ষী থানা (Dalgaon Police Station) ত চমজাই দিয়ে ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে হবিবুৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে ওলাই পৰিব উক্ত ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷ ঘটনাটোৰ বাবে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷

দলগাঁৱত হস্তনিৰ্মিত পিষ্টল সহ‌ এজনক আটক

লগতে পঢ়ক - বাক্সাত গাঞ্জা ব্যৱসায়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী

আনহাতে, বাক্সাৰ বাঁহবাৰীত বুধবাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ (State Bank of India Grahak Seva Kendra)ৰ পৰা তিনিজনীয়া ডকাইতৰ দলে দিন দুপৰতে পিস্তল দেখুৱাই প্ৰায় চাৰি লাখ টকা লুট কৰি নিয়ে ৷ ডকাইতি সংঘটিত হোৱাৰ এদিনৰ পাচতে আৰক্ষীয়ে আটক কৰিলে বাক্সাৰ বাঁহবাৰীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ ডকাইতিত জড়িত আন এটা ডকাইতক ৷

বাক্সাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত শিমলা, গোৱৰ্দ্ধনা, বাঁহবাৰীৰ আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ডকাইতটোক ৷ এটা 7.65 mm পিষ্টল, ছয় জাঁই সজীৱ গুলী, এখন ডেগাৰ আৰু নগদ ৪১,০০০ টকা ডকাইতটোৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে ৷

এই ঘটনাত মুঠ তিনিজন যুৱক জড়িত আছিল ৷ ইয়াৰে বিজিত বড়ো নামৰ ডকাইতটোক বুধবাৰেই আটক কৰিছিল আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰে সমৰ সিং নাৰ্জাৰী ৷ আনহাতে, বৰ্তমানেও পলাতক হৈ আছে দলটোৰ আন এঠা ডকাইত ৷

লগতে পঢ়ক- বাঁহবাৰী ডকাইতি কাণ্ডত জড়িত সমৰ সিং নাৰ্জাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.