ETV Bharat / crime

মৈৰাবাৰীত ড্ৰাগছ সৰবৰাহকাৰী যুৱক গ্ৰেপ্তাৰ - নিচাজাতীয় টেবলেট

মৈৰাবাৰীত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱক গ্ৰেপ্তাৰ ৷ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ ৷

drugs-peddler-youth-arrested-at-moirabari
মৈৰাবাৰীত ড্ৰাগছ সৰবৰাহ কাৰী যুৱক গ্ৰেপ্তাৰ
author img

By

Published : Jun 8, 2021, 4:50 PM IST

ধিং, 8 জুন : ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰাৰ লক্ষ্যৰে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী প্ৰশাসনে চলোৱা ধাৰাবাহিক অভিযানত ইটোৰ পাছত সিটো ড্ৰাগছকে ধৰি নিচাজাতীয় দ্ৰব্যৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰে নিশা পুনৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত ডুৰাবন্বী গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ নিচাজাতীয় টেবলেট কোৰেস্কৰ বটলৰ লগতে এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু নগদ ৪৫০০ টকা জব্দ কৰিবলৈ সক্ষম হয় ।

যুৱ প্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিয়া মাৰাত্মক ড্ৰাগছৰ ঘাটি উৎখাত কৰা মৈৰাবাৰী আৰক্ষীৰ ভূমিকাক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে । জানিব পৰা মতে আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী ডুৰাবন্দী গাঁৱৰ মফিজ আলীয়ে দীৰ্ঘদিন ধৰি নিজ ঘৰৰ পৰাই নিচাজাতীয় দ্ৰব্যৰ বেহা চলাই আহিছিল ।

মৈৰাবাৰীত ড্ৰাগছ সৰবৰাহ কাৰী যুৱক গ্ৰেপ্তাৰ

সোমবাৰে নিশা প্ৰায় 3 বজাত মৈৰাবাৰী আৰক্ষীয়ে গোপন সূত্ৰে খবৰ লাভ কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ অভিযানকাৰী দলে মফিজ আলীৰ ঘৰত তালাচী চলায় আৰু ড্ৰাগছ ভৰ্তি ৫ টা কন্টেনাৰ, নিচাজাতীয় ১৩৭৮টা টেবলেটৰ পেকেট ১৫০টা কোৰেস্কৰ বটল, ৫৫০০টকা সহ ড্ৰাগছ সৰবৰাহ কাৰী মফিজ আলীক গ্ৰেপ্তাৰ কৰে ।

উল্লেখযোগ্য যে, আৰক্ষীৰ দলটো মফিজ আলীৰ ঘৰত যোৱাৰ লগে লগেই মফিজ পলাবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে মৈৰাবাৰী থানাত ২৩২/২০২১ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 21( a) /22a/25NDPS ৰ অধীনত এটি গোচৰ ৰুজু কৰি মফিজক মৰিগাঁও জিলাৰ জেললৈ প্ৰেৰণ কৰা হয় । বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মৈৰাবাৰী আৰক্ষীয়ে তেওঁলোকৰ অভিযান অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ধনশিৰিৰ বুকুত উদ্ধাৰ চাৰিশ বছৰীয়া এখন নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.