ETV Bharat / crime

প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীৰ ডিঙি ৰেপি হত্যা

author img

By

Published : Jun 19, 2021, 12:36 PM IST

অন্ধ্ৰ প্ৰদেশৰ এজন যুৱকে এগৰাকী যুৱতীৰ তেওঁৰ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ পিছত ডিঙি ৰেপি হত্যা কৰে । ইয়াৰ পিছতে ভুক্তভোগীৰ আত্মীয় সহ গাওঁবাসীয়ে অভিযুক্তজনক প্ৰহাৰ কৰে ।

andhra-youth-slits-girls-throat-for-declining-his-love-proposal
প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই যুৱতীৰ ডিঙি কাটি হত্যা

নেশ্যনেল ডেস্ক, 19 জুন : অন্ধ্ৰ প্ৰদেশৰ কাডাপা জিলাত অঘটন ৷ প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এজন যুৱকে এগৰাকী যুৱতীৰ ডিঙি ৰেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ কাডাপা জিলাৰ চিন্তলা চেৰুভু গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ অভিযুক্ত যুৱকজন চৰণ বুলি জানিব পৰা গৈছে । যুৱকজনৰ বয়স 21 বছৰ ৷

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি চৰণে ছোৱালীজনীক অনুসৰণ কৰি আছিল । অৱশ্যে, ছোৱালীজনীয়ে তেওঁৰ প্ৰস্তাৱ নাকচ কৰিছিল ৷ শুকুৰবাৰে চৰণে ছোৱালীজনীক অনুসৰণ কৰি তাইৰ ডিঙি ৰেপি হত্যা কৰে ৷ সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে বদভেল গ্ৰাম্য আৰক্ষী থানাৰ উপ-পৰিদৰ্শক চন্দ্ৰশেখৰে ৷

এই ঘটনাৰ পটভূমিত ভুক্তভোগীৰ আত্মীয় সহ গাওঁবাসীয়ে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অভিযুক্ত চৰণ ৷ সম্প্ৰতি চৰণক বেডভেল চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আৰক্ষীয়ে অভিযুক্ত চৰণক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ‘উড়ন্ত শিখ’ মিলখা সিঙৰ জীৱনৰ দৌৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.