কোকৰাঝাৰ, ৭ জুন : ৰাজ্যত অব্যাহত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-পশ্চিমবংগ সীমান্তৰ শিমুলটাপুত আৰক্ষীয়ে অভিযান চলাই আফিং সহ বৃহৎ পৰিমাণৰ নিচা জাতীয় দ্ৰব্য ডোদা অৰ্থাৎ আফিঙৰ বাকলি জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ৰবিবাৰে শিমুলটাপু আৰক্ষীয়ে G-J08 U-1974 নম্বৰৰ দহ চকীয়া ট্ৰাক এখনত তালাচী চলাই এক কেজি আফিঙৰ লগতে 369 কেজি নিচা জাতীয় দ্ৰব্য ডোদা জব্দ কৰে ৷
আৰক্ষীয়ে নিচা জাতীয় দ্ৰব্য ডোদা আৰু আফিং কঢ়িয়াই অনা ট্ৰাক খন জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত দুজন লোকক আটক কৰিছে ৷ আটকাধীন লোকদুজন হ’ল ক্ৰমে ৰত্না ৰাম ( 48 ) আৰু আছু ৰাম ( 42 ) ৷ উল্লেখ্য যে, জব্দ কৰা ডোদাৰ বজাৰ মূল্য প্ৰায় 15 লাখ টকা হব বুলি আৰক্ষী প্ৰকাশ কৰিছে ।
লগতে পঢ়ক: আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক