ETV Bharat / crime

ধিঙত মহিলা সহ 6 ড্ৰাগছ সৰবৰাহকাৰী আটক - অৰুণাচল

মৈৰাবাৰী থানাৰ অন্তৰ্গত পলাহজুৰী গাঁৱৰ পৰা মহিলা সহ 6 জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ আশ্বাদুল ইছলামৰ নামৰ লোকজনৰ গৃহত বাহৰ পাতি থকা সময়তে গ্ৰপ্তাৰ কৰে আৰক্ষীয়ে ৷

6 Drugs Paddlers Arrested By Police At Dhing, Nagaon District
ধিঙত মহিলা সহ 6 ড্ৰাগছ সৰবৰাহকাৰী আটক
author img

By

Published : Jul 7, 2021, 11:06 PM IST

ধিং, 7 জুলাই : ৰাজ্যজুৰি ড্ৰাগছৰ (Drugs) বিৰুদ্ধে অসম আৰক্ষীৰ (Assam Police) অভিযান অব্যাহত আছে । ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) ই মুখ্যমন্ত্ৰী হিচাপে শপত লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ (Chief minister) নিৰ্দেশত চলিত বছৰটোত বিভিন্ন জিলাত লাখ লাখ টকাৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য উদ্ধাৰৰ লগতে বহু সৰবৰাহকাৰীক (Drugs Peddler) আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।

সমান্তৰালকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত অব্যাহত তীব্ৰ অভিযান ৷ মঙলবাৰেও এটা গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ধিঙৰ মৈৰাবাৰীত অভিযান চলায় ৷ উক্ত অভিযানত মৈৰাবাৰীত ড্ৰাগছৰ বৃহৎ ঘাটি উৎখাত কৰাৰ লগতে মহিলা সহ ৬জনীয়া এটা বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ দলটোৱে মৈৰাবাৰী থানৰ অন্তৰ্গত পলাহজুৰী গাঁৱৰ আশ্বাদুল ইছলামৰ ঘৰৰ পৰা ১৪৯.৭৬গ্ৰাম ড্ৰাগছ, ব্ৰাউন চুগাৰৰ ১০০টা কন্টেনাৰ, ৫লাখ ৫৪হেজাৰ টকা সহ দুখন বিলাসী বাহনো জব্দ কৰে ৷

ধিঙত মহিলা সহ 6 ড্ৰাগছ সৰবৰাহকাৰী আটক

ধৃত ডাগছ সৰবৰাহকাৰী কেইটাই দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰ, মনিপুৰ, অৰুণাচলৰ লগতে মৈৰাবাৰীতো চোৰাং ভাৱে ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷ এই বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী কেইজনে মঙলবাৰে নিশাও বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ খিনি লৈ পলাহজুৰী আশ্বাদুলৰ ঘৰত বাহৰ পাতিছিল বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ পোৱা গৈছে। আশ্বাদুল ইছলামৰ ঘৰৰ পৰাই অসমৰ বিভিন্ন জিলাত ড্ৰাগছ সৰবৰাহ কৰে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ খিনিৰ সৈতে সৰবৰাহকেইটা আশ্বাদুলৰ ঘৰত উপস্থিত হোৱাৰ পাছতেই আৰক্ষীয়ে অভিযান চলায়। প্ৰায় পাঁচ ঘন্টা সময় অভিযান চলাই অৱশেষত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ লগতে সৰবৰাহকাৰীকেইটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে লক্ষীমপুৰ জিলাৰ ছকিনা খাতুন, জমিৰ উদ্দিন আৰু ইউনছ আলী আৰু নগাঁও জিলাৰ দুজন ক্ৰমে ছফিকুল ইছলাম আৰু জহিৰুল ইছলাম আৰু ড্ৰাগছ সৰবৰাহকাৰী আশ্বাদুল ইছলামৰ পত্নী ছালমা বেগমকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, আৰক্ষীয়ে অভিযান চলোৱা বুলি জানিব পাৰি মধ্য অসমৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰূপে অভিযুক্ত আশ্বাদুল ইছলাম আগতীয়াকৈ পলায়ন কৰে ৷ যদিও আশ্বাদুলে ব্যৱহাৰ কৰা As-03 3535 নম্বৰৰ বিলাসী বাহনৰ লগতে দুখন অন্য বাহনো জব্দ কৰে ৷ ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী কেইটাৰ বিৰুদ্ধে 268/21 নম্বৰত এটি গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোক জে'ললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক-নাৰীদেহ ব্যৱসায়ৰ ঘাটি উচ্ছেদ : 5 গৰাকীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.