ETV Bharat / city

তিনিচুকীয়াত বিফল জনস্বাস্থ্য বিভাগৰ আঁচনি

author img

By

Published : Jul 9, 2019, 9:44 AM IST

তিনিচুকীয়া জিলাৰ ডিৰাক পানী মাইঠং গাঁৱত জনস্বাস্থ্য বিভাগৰ আঁচনি বিফল। ১৯৯০ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্থাপন কৰিছিল পানী যোগান আঁচনি। কিন্তু বৰ্তমানেও এই আঁচনিখন কাৰ্যকৰী নোহোৱাত বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে অঞ্চলবাসীয়ে

তিনিচুকীয়াত বিফল জনস্বাস্থ্য বিভাগৰ আঁচনি

তিনিচুকীয়া,৯জুন : তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিৰাক গাঁও পঞ্চায়তৰ অধীনৰ ডিৰাক পানী মাইঠং গাঁৱত জনস্বাস্থ্য বিভাগৰ আঁচনি বিফল। ১৯৯০ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে অঞ্চলটোত স্থাপন কৰিছিল পানী যোগান আঁচনি। কিন্তু বৰ্তমানেও কাৰ্যকৰী হোৱা নাই এই আঁচনিখন। স্বাধীনতাৰ কালৰে পৰা আজি পৰ্যন্ত কোনো এখন ফলপ্ৰসূ চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই এইখন গাঁৱক । যাৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিব লগীয়া হৈছে। বৰ্তমান পানী যোগান আঁচনিৰ গৃহটো হাবি, জংঘলেৰে পৰিৱৰ্তন হৈছে ভূত বাংলালৈ।

তাৎপৰ্যপূৰ্ণ বিষয় যে,অঞ্চলবাসীয়েবাসীয়ে কেইবাবাৰো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে স্থানীয় বিধায়ক আৰু পঞ্চায়ত প্ৰতিনিধিসকলক অভিযোগ প্ৰদান কৰিছে যদিও বৰ্তমানেও কোনো ধৰণৰ সুফল পোৱা নাই ৷ শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত অঞ্চলবাসীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওপৰত অভিযোগ দি অতি শীঘ্ৰে উক্ত সমস্যাটো সমাধান কৰিবলৈ দাবী জনাই।

Water Dipertment news
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.