শদিয়া,18 মে': তিনিচুকীয়া জিলাৰ কাকপথাৰত ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ এই কৰ'ণা মহামাৰী প্ৰতিৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে হাতত লৈছে বিভিন্ন ব্যৱস্থা ৷ চৰকাৰে জাৰি কৰা ক'ভিড প্ৰট'কল মানি কাকপথাৰৰ কাছিজান গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী ৷
কাছিজানত ক'ভিড ১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গাঁৱবাসীক সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে কাছিজান যুৱ সংঘ, গাঁওৰক্ষী বাহিনী আৰু গাঁওবুঢ়া গৰাকীৰ নেতৃত্বত গাঁৱখনৰ বিভিন্ন স্থানত ছেনিটাইজেচন কৰাৰ ব্যৱস্থা কৰে ৷ গাঁৱখনৰ বিদ্যালয়, নামঘৰ, ৰাজহুৱা স্থান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে সমগ্ৰ পথটো চেনিটাইজ কৰে যুৱকসকলে ৷
গাঁৱখনত এনে কাৰ্যসূচীৰ জৰিয়তে ৰাইজক সজাগতা বৃদ্ধি কৰাৰ লগতে চৰকাৰে বান্ধি দিয়া ক'ভিডৰ নীতি-নিয়মসমূহ মানি চলিবলৈ আহ্বান জনাইছে যুৱক সংঘৰ সদস্যসকলে ৷ যুৱকসকলৰ এনে পদক্ষেপক সকলোৱে প্ৰশংসা কৰে ৷
লগতে পঢ়ক-শুকুৰবাৰৰ পৰা ৰাজ্যত বন্ধ হৈ পৰিব আন্তঃজিলা যাতায়ত