ETV Bharat / city

তিনিচুকীয়াৰ ৰাজপথত হাজাৰ-হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ

author img

By

Published : Jun 4, 2020, 10:36 PM IST

তিনিচুকীয়াৰ বাঘজান তৈল খাদত অহৰহ গেছ আৰু তেল নিৰ্গত হোৱাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে উক্ত অঞ্চলত ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী তুলিছে স্থানীয় ৰাইজে ৷

ETV BHARAT
তিনিচুকীয়াৰ ৰাজপথত হাজাৰ-হাজাৰ লোকৰ তীব্ৰ প্ৰতিবাদ

তিনিচুকীয়া,4জুনঃ অবিৰতভাৱে নিৰ্গত হৈ আছে তিনিচুকীয়াৰ বাঘজান 5 নং অইল খাদৰ গেছ আৰু তেল । উক্ত ঘটনাত ক্ষুব্ধ হৈ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক ৷

উল্লেখ্য যে, তিনিচুকীয়াৰ বাঘজান তৈল খাদত অহৰহ গেছ আৰু তেল নিৰ্গত হোৱা কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন দল সংগঠনে তীব্ৰ আন্দোলন কৰিছে ৷ উক্ত তৈল খাদৰ পৰা নিৰ্গত হোৱা গেছত মাগুৰি মতাপুং বিলৰ লগতে লাগি থকা গাঁও সমূহতো বিস্তৰ ক্ষতি সাধন হয় ৷ উক্ত নিৰ্গত তেলৰ পৰা বিলৰ পানী চামনি ধৰা বাবে মৃত্যুৰ মুখত পৰিছে মাছ,শিহুৰ লগতে বহু জীৱ জন্তু লগতে মাগুৰী বিলৰ পানী বিষাক্ত হৈ পৰিছে ৷

আজি নৱম দিনলৈ গেছ নিৰ্গত হৈ ইয়াৰ প্ৰভাৱ অঞ্চলটোত দেখিবলৈ পোৱা যায়। এই ঘটনাক কেন্দ্ৰ কৰি মাগুৰি মতাপুং বিলৰ লগতে লাগি থকা নতুন গাঁৱৰ ৰাইজে ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ ৫০০ মিটাৰ দুৰত্বত থকা খাদটোৰ পৰা নিৰ্গত হোৱা গেছৰ লগতে প্ৰচণ্ড শব্দৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ পশু পক্ষীলৈও কঢ়িয়াই আনিছে ভাবুকি ।

ইতিমধ্যে খাদটোৰ পৰা নিৰ্গত হোৱা তেল আৰু গেছৰ বাবে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ প্ৰতি তীব্ৰ ভাবুকি অনাৰ লগতে ঘৰৰ গৰু ছাগলী,হাঁহ কুকুৰা আৰু মাগুৰি মতাপুং বিলত শিহু মুত্যু মুখত পৰিছে। বৰ্তমান পৰিস্থিতি কৰ'ণা মহামাৰীত কৈ বেছি ভয়ংকৰ হৈ পৰিছে অঞ্চলটোত। ইতিমধ্যে অঞ্চলজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাত বৃহস্পতি বাৰে হাজাৰ হাজাৰ লোক ৰাজপথত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী সকলে "অইল ইণ্ডিয়া গ' বেক্,মূৰ্দাবাদ,অসম চৰকাৰ হায়-হায় আদি বিভিন্ন শ্ল'গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে এই সমস্যাৰ সমাধান কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৷ লগতে উক্ত ঘটনাটোৰ বাবে যিবোৰ ক্ষয়-ক্ষতি হৈছে এই সকলোবোৰৰ উপযুক্ত ক্ষতি পূৰণ দিবলৈ চৰকাৰক প্ৰতিবাদকতাৰী সকলে দাবী তুলিছে ৷ যেতিয়ালৈকে অইলৰ কোনো বিষয়া বা আৰক্ষী প্ৰশাসনৰ লোক আহি উপস্থিত হৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে,তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- অপৰাধৰ ঘাটিত পৰিণত মহানগৰীৰ ৰেল লাইনৰ কাষৰীয়া অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.