তিনিচুকীয়া, ২ নৱেম্বৰ : এছিয়াৰ প্ৰথম তেল শোধানাগাৰ ডিগবৈ তেল শোধানাগাৰৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত মঙলবাৰে বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহে থলুৱা যুৱক-যুৱতীৰ সংস্থাপন, তেল শোধানাগাৰৰ শোধন ক্ষমতা বৃদ্ধি কৰাৰ লগতে তেল শোধানাগাৰৰ দ্বাৰা পৰিচালিত একমাত্ৰ চিকিৎসালয়খনৰ বিভাগীয় চিকিৎসকৰ অভাৱ দূৰ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰীসকলে এই দাবীসমূহ সমাধানৰ বাবে বিভিন্ন সময়ত আহ্বান জনাই অহাৰ পাছতো আজি পৰ্যন্ত দাবীসমূহ পূৰণ কৰাৰ বাবে অইল কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰে ৷ যাৰবাবে মঙলবাৰে সংগঠনসমূহে এই তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । উক্ত কাৰ্যসূচীত জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ ছাত্ৰ নেতাসকলে বিভিন্ন অইল আৰু চৰকাৰে বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তেল শোধানাগাৰৰ কৰ্তৃপক্ষৰ লগতে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷
তেওঁলোকে অইল কৰ্তৃপক্ষক অতি শীঘ্ৰে উক্ত দাবীসমূহ পূৰণৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ অন্যথা তেল শোধানাগাৰ বন্ধ কৰাৰ দৰে কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক : কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত নগাঁও আৰক্ষীৰ