মাৰ্ঘেৰিটা, 6 ফেব্ৰুৱাৰী: মাৰ্ঘেৰিটাৰ এটা দৰিদ্ৰ পৰিয়ালৰ কৰুণ কাহিনীয়ে প্ৰতিজন লোকৰে হৃদয় চুই গৈছে । দুৰ্ভগীয়া পৰিয়ালটোৱে আজিৰ দিনটোত মুক্ত আকাশৰ তলতে জীৱন নিৰ্বাহ কৰিবলগা হৈছে ৷ ইয়াৰ কাৰণ হৈছে একমাত্ৰ উপাৰ্জনকাৰীগৰাকী এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ ২নং লাজুম গাঁৱৰ বিপুল পাল নামৰ ব্যক্তিজন দীৰ্ঘদিনৰ পৰাই শাৰীৰিকভাৱে অসুস্থ হৈ আছে ৷ পালৰ পত্নীও মানসিকভাৱে বিকাৰগ্ৰস্ত । পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰগৰাকীও সম্প্ৰতি বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোৰ মাজত ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এটা ভাড়াঘৰত থাকি কোনোমতে পৰিয়ালটো পোহপাল দি আহিছিল বিপুল পালে । কিন্তু মানসিকভাৱে বিকাৰগ্ৰস্ত পত্নীৰ অভব্য আচৰণৰ বাবে অশান্তিত ভোগা ভাড়াঘৰৰ মালিকে পৰিয়ালটোক ঘৰৰ পৰা উলিয়াই দিয়ে । পৰৱৰ্তী সময়ত পৰিয়ালটোৱে সকলো প্ৰয়োজনীয় বয়-বস্তু লৈ মুক্ত আকাশৰ তলতে বসবাস কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । পৰিয়ালটোৰ এই অৱস্থা দেখি স্থানীয় ৰাইজে চৰকাৰ তথা বিভিন্ন দল-সংগঠনক অকণমান সহায় কৰিবলৈ আহ্বান জনাইছে । যদি কোনো সদাশয় লোকে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে, তেনেহ'লে ৮৪৮৬৯-৭৭১৪৬ নম্বৰত যোগাযোগ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ।
লগতে পঢ়কঃ ৰাজ্যৰ বান ব্যৱস্থাপনাৰ বাবে 1286.39 কোটি আৱন্টন একাদশ বিত্তীয় আয়োগৰ