মাৰ্ঘেৰিটা, 11 নৱেম্বৰ : মাৰ্ঘেৰিটাত চাইডিং 315 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধ্যা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘাটিত হয় । এখন ৰৈ থকা গেছ চিলিণ্ডাৰ ভৰ্তি গাড়ীত ডিগবৈৰ পৰা মাৰ্ঘেৰিটা অভিমুখে তীব্ৰ বেগত অহা মাৰুতি বাহনে পাছফালৰ পৰা খুন্দা মৰাৰ ফলত এগৰাকী পঞ্চাশোৰ্ধৰ মহিলা থিতাতে নিহত হয় ৷ লগত আহত হৈছে ছজনকৈ লোক । আহত কেইজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
ঘটনাৰ বিৱৰণী অনুসৰি, মাৰ্ঘেৰিটা মাকুম কিল্লাৰ এটা পৰিয়ালে এ এচ 23 এক্স 7744 নম্বৰৰ মাৰুতি ইক' বাহনেৰে শিৱসাগৰৰ পৰা উভতি আহোতে যান্ত্ৰিক বিজুতিৰ বাবে পথৰ কাষত ৰৈ থকা এন এল 08 ডি 3468 নম্বৰৰ গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত তীব্ৰ জোৰেৰে খুন্দা মাৰে ৷ ফলত মাৰ্ঘেৰিটা তেঙাপথাৰ নিবাসী তুলু বৰুৱা (52) নামৰ মহিলাগৰাকী থিতাতে নিহত হয় । ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে । তুলু বৰুৱাৰ মৃত্যুত মাকুম কিল্লা অঞ্চলত শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক : কামপুৰ আৰক্ষীৰ অভিযানত গাঞ্জাসহ আটক তিনি সৰবৰাহকাৰী