ETV Bharat / city

জগত কোৱঁৰৰ পৰিয়ালক আৰ্থিক ক্ষতিপুৰণ প্ৰদান বিধায়কৰ

author img

By

Published : Jul 7, 2020, 4:42 PM IST

কাকপথাৰৰ ডিৰাক নদীত পৰি মৃত্যু হোৱা জগত কোৱঁৰৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপুৰন প্ৰদান কৰে বিধায়ক বলীন চেতিয়াই ৷

জগত কোৱঁৰৰ পৰিয়ালক আৰ্থিক ক্ষতিপুৰণ প্ৰদান বিধায়কৰ
জগত কোৱঁৰৰ পৰিয়ালক আৰ্থিক ক্ষতিপুৰণ প্ৰদান বিধায়কৰ

শদিয়া, 7 জুলাই : বিগত 3জুলাই তাৰিখে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৰডিৰাকত পানীত পৰি মৃত্যু হৈছিল বৰডিৰাক গাঁৱৰ জগত কোৱঁৰ নামৰ যুৱকজনৰ ৷ যুৱকজনৰ পৰিয়ালটোক মঙলবাৰে চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷

পৰিয়ালটোক অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যোগেদি নগদ চাৰিলাখ টকা প্ৰদান কৰে স্থানীয় বিধায়ক বলিন চেতিয়াই ৷ বিধায়কগৰাকীয়ে জগত কোৱঁৰৰ পত্নী মন্দিৰা কোৱঁৰৰ হাতত চাৰি লাখ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷ বিধায়ক বলিন চেতিয়াৰ তাৎক্ষনিত তৎপৰাত তিনিদিনৰ ভিতৰতে এইদৰে চৰকাৰী সাহাৰ্য লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে পৰিয়ালটোৱে ৷

উল্লেখ্য যে, ডিৰাক নদীৰ ওপৰত ৰাইজে শ্ৰমদান কৰি দলং নিৰ্মাণ কৰি থকাৰ অৱস্থাত অকস্মাত নদীৰ পানীত পৰি মৃত্যু হৈছিল জগত কোৱঁৰৰ ৷

লগতে পঢ়কঃ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক বলিন চেতিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.