তিনিচুকীয়া, 14 ডিচেম্বৰ : গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন আলফা নেতা জীতেন দত্ত ৷ ডিগবৈৰ নিজা বাসগৃহৰ পৰা শনিবাৰে জীতেন দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, পুৱতি নিশাৰ পৰা আৰক্ষীৰ নজৰ বন্দী হৈ আছিল প্ৰাক্তন আলফা নেতাগৰাকী ৷
15 ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে লেখ আৱেদন দাখিল কৰাৰ কথা আছিল প্ৰাক্তন আলফা নেতাগৰাকীয়ে ৷
আৰু পঢ়ক : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লী উত্তাল কৰিলে অসমীয়াই