ETV Bharat / city

বাঘজানত ২৪ জুনৰ পৰা চলিব অগ্নি নিৰ্বাপনৰ অভিযান

author img

By

Published : Jun 21, 2020, 9:01 PM IST

বাঘজানত তৈল খাদৰ অগ্নি কাণ্ড নিৰ্বাপণ কৰিবলৈ সেনাই নিৰ্মাণ কৰি থকা দলংৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ৷ উক্ত তৈল খাদটোত ২৪ জুনৰ পৰা চলিব অগ্নি নিৰ্বাপনৰ অভিযান ।

Indian Army Build Bridge At Baghjan Tinsukia
বাঘজানত ২৪ জুনৰ পৰা চলিব অগ্নি নিৰ্বাপনৰ অভিযান

ডুমডুমা, 21 জুনঃ তিনিচুকীয়াৰ বাঘ জান তৈল খাদৰ সমীপতে সেনাই নিৰ্মাণ কৰিলে এখন বিশেষ দলং ৷ ২৪ জুনৰ পৰা চলিব উক্ত তৈল খাদটোত অগ্নি নিৰ্বাপণৰ অভিযান ৷

উল্লেখ্য যে, বাঘজাত তৈল খাদত এতিয়া জ্বলি আছে জুই ৷ ইতিমধ্যে, উক্ত তৈল খাদটোৰ জুই নিৰ্বাপণ কৰিবলৈ দিনজান সেনা শিবিৰৰ পৰা অহা সেনাৰ এটা দলে নিৰ্মাণ কৰি আছে প্ৰায় ১৫০ মিটাৰ দৈঘ্যৰ এই দলংখন । খাদটোৰ ওচৰতেই থকা এটা বৃহত পুখুৰীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই দলংখন । এই দলংৰ সহায়েৰে বিশেষজ্ঞৰ দলৰ লগতে জুই নিয়ন্ত্ৰণত জড়িত দলসমূহ ঘটনাস্থলীলৈ যাবলৈ সুবিধা হ'ব । দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতেই জুই নিৰ্বাপনৰ কাম দ্ৰুতগতিত আগবাঢ়িব বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, ১৮ জুনৰ পৰা সেনাই আৰম্ভ কৰিছিল এই দলং নিৰ্মানৰ কাম । উক্ত তৈল খাদটোত ২৪ জুনৰ পৰা চলিব অগ্নি নিৰ্বাপনৰ অভিযান । এলাৰ্টৰ ছয়জনীয়া দল এটাই চলাব অভিযান ।৭ জুলাইৰ ভিতৰত জুই নিৰ্বাপনৰ লক্ষ্য বান্ধি লৈছে উক্ত দলটোৱে ।ইতিমধ্যে দলং খনৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক- বাক্সাৰ বগাজুলিৰ সোনালীপাৰা গাঁৱত খোৱা পানীৰ বাবে ৰাইজৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.