তিনিচুকীয়া, 29 জানুৱাৰী : এন ডি এফ বিৰ অস্ত্ৰ সম্বৰণ প্ৰক্ৰিয়াৰে বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত উত্থাপন হৈছে আলফা স্বাধীনৰ আলোচনাৰ প্ৰসংগ ৷ আলোচনাৰ মেজলৈ আহিব নেকি পৰেশ বৰুৱা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনীত প্ৰকাশ পাইছে পৰেশ বৰুৱাৰ প্ৰত্যাগমনৰ বাতৰি ৷
-
EXCLUSIVE | #ULFA’s elusive commander, Paresh Barua, is likely to come overground and sign peace accord with the Centre as early as April to potentially end decades-old insurgency in #Assam, @asomputra and @Bhavna_Vij report.#BodoPeaceAccord https://t.co/fz3r0mup0V
— Outlook Magazine (@Outlookindia) January 28, 2020 " class="align-text-top noRightClick twitterSection" data="
">EXCLUSIVE | #ULFA’s elusive commander, Paresh Barua, is likely to come overground and sign peace accord with the Centre as early as April to potentially end decades-old insurgency in #Assam, @asomputra and @Bhavna_Vij report.#BodoPeaceAccord https://t.co/fz3r0mup0V
— Outlook Magazine (@Outlookindia) January 28, 2020EXCLUSIVE | #ULFA’s elusive commander, Paresh Barua, is likely to come overground and sign peace accord with the Centre as early as April to potentially end decades-old insurgency in #Assam, @asomputra and @Bhavna_Vij report.#BodoPeaceAccord https://t.co/fz3r0mup0V
— Outlook Magazine (@Outlookindia) January 28, 2020
আলোচনীখনৰ মতে, এপ্ৰিলত আলোচনাত বহিব পৰেশ বৰুৱা ৷ চৰকাৰেও আলোচনাৰ বাবে আলফা স্বাধীনক আহ্বান জনাইছে ৷ এই সমগ্ৰ বিষয়টোলৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ চ'ছিয়েল মিডিয়াটো দেখা গৈছে পৰেশ বৰুৱা আৰু শান্তি চুক্তি সন্দৰ্ভত বিভিন্ন জনৰ বিভিন্ন মত ৷ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জেৰাই গাঁৱৰ পৰিয়ালেও আলোচনাৰ সন্মতি প্ৰকাশ কৰিছে ৷
বহুসময়ত এইদৰে পৰেশ বৰুৱাৰ প্ৰত্যাগমনৰ বাতৰি প্ৰকাশ পাই আহিছে যদিও, শান্তি আলোচনা সন্দৰ্ভত পৰেশ বৰুৱাই কি স্থিতি গ্ৰহণ কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ..... সঁচাকৈ আলোচনাৰ মেজলৈ আহিব নেকি পৰেশ বৰুৱা !