মাৰ্ঘেৰিটা, 28 এপ্ৰিলঃ তিনিচুকীয়া মাৰ্ঘেৰিটাৰ মাকুমকিল্লাত ৰঙালী বিহু সন্মিলনৰ ৰূপালী জয়ন্তী অনুষ্ঠান ৷ সাংস্কৃতিক সন্ধিয়াত হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ গীতৰ শৰাই ৷
ব'হাগ মাথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ । অসমীয়াৰ বাপতি সাহোন ব'হাগ বিহুটি উদযাপন ৰাজ্যৰ সকলো প্ৰান্ততে । বিহু বুলিলেই অসমীয়াৰ আনন্দত নাচি উঠে আমাৰ সকলোৰে মন-প্ৰাণ । ৰাজ্যৰ সকলো প্ৰান্ততে উলহ-মালহেৰে পালন কৰা হৈছে ৰঙৰ উৎসৱ ৰঙালী বিহুটি । পিছপৰি ৰোৱা নাই তিনিচুকীয়াৰ বিহু-বলীয়া ৰাইজো । তাতে হাৰ্ট থ্ৰব জুবিন গাৰ্গ ৷ মঞ্চত প্ৰৱেশ কৰিয়েই - মা, মায়া, মায়াবিনী গীতে দৰ্শক সকলক মুগ্ধ কৰিলে জনপ্ৰিয় শিল্পী জনে ৷ তাৰোপৰি ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা বাগিছা মানে ফুলনিৰ কথা কৈয়ো দৰ্শক সকলক আমোদ দিয়াৰ উপৰিও ভৃগু কাশ্যপে জুবিনক এটি কাৰ্বি চোলা উপহাৰ দিয়াৰ লগতে দুটি গীত একেলগে পৰিৱেশন কৰে ৷
অধিক জানিবলৈ -বিহু মঞ্চ কঁপাবলৈ সাজু কণ্ঠশিল্পী কৃষ্ণমণি