ETV Bharat / city

টিংখাঙত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন : আৰ্তজনলৈ সহায়ৰ হাত - আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়ালে টিংখাংবাসীয়ে

টিংখাঙত দেৱালীৰ নিশা অগ্নিকাণ্ডত সৰ্বস্বান্ত এজন লোকক সহায়ৰ বাবে আগবাঢ়ি আহিল স্থানীয় ৰাইজ তথা টিংখাংবাসী ৷

ৰঞ্জিত অভয়পুৰীয়াক স্থানীয় ৰাইজৰ সহায়ৰ হাত
author img

By

Published : Nov 1, 2019, 1:25 PM IST

টিংখাং,1 নৱেম্বৰ : মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে টিংখাংবাসী ৰাইজে ৷ সামাজিক দায়বদ্ধতাৰ পৰিচয় দি টিংখাংবাসীয়ে সহায়ৰ হাত আগবঢ়াইছে দেৱালীৰ নিশা ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা টিংখাঙৰ লাটুমনি গাঁৱৰ ৰঞ্জিত অভয়পুৰীয়াক ৷ সোমবাৰে নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাই হৈ গৈছিল ৰঞ্জিত অভয়পুৰীয়াৰ হেঁপাহৰ ঘৰখন ৷ এই ভয়ংকৰ ঘটনাৰ পাচতে শাক-পাচলি বেপাৰ কৰি জীৱন নিৰ্বাহ কৰা অভয়পুৰীয়াৰ চাৰিজনীয়া পৰিয়ালটোলৈ নামি আহিছিল ঘোৰ অমানিশা ৷ ব্যৱসায়ৰ লগত জড়িত দুখনকৈ বাহন,ঘৰৰ সমগ্ৰ আচবাব,সা-সৰঞ্জাম আৰু প্ৰয়োজনীয় সকলো নথি-পত্ৰ ভস্মীভূত হৈছিল ৷

টিংখাঙত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন

আকস্মিক দুৰ্ঘটনাটোত একপ্ৰকাৰ হতভম্ব পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিল সহৃদয়বান স্থানীয় গাঁওবাসীৰ লগতে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ৷ কোনোৱে যদি নগদ ধন দিছে,কোনোৱে বাঁহ,টিনপাত,কাপোৰ,চকী-মেজ আদি প্ৰদান কৰিছে পৰিয়ালটোক ৷ নিৰাশ্ৰয় হৈ পৰা পৰিয়ালটোক এটা ঘৰ সাজি দিবৰ বাবে ৰাইজে শ্ৰমদান কৰাও পৰিলক্ষিত হয় ৷ ৰাইজৰ এনে নিস্বাৰ্থ মৰম-চেনেহ,সহায় লাভ কৰি অভিভূত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। ইয়াৰ ফলত পৰিয়ালটোৱে হেৰুৱা মনোৱল ওভতাই পোৱাৰ লগতে লাভ কৰিছে জীয়াই থকাৰ সম্বল ।

Intro:।। টিংখাঙত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন , আৰ্ত জনক সহায়ৰ বাবে উবুৰি খাই পৰিল ৰাইজ ।।

Body:যি সময়ত সততে মানৱতা স্খলনৰ বাতৰিয়ে সংবাদ শিৰোনামা দখল কৰি আহিছে তেনে সময়তে মানৱতাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে টিংখাংবাসী ৰাইজে। সচা মানৱতাৰে পৰিচয় দাঙি ধৰিলে সামাজিক দায়বদ্ধতাৰ। এক প্ৰতিবেদন।Conclusion:টিংখাং- ১ নৱেম্বৰ- এটা অৰ্ধদগ্ধ ৰেডিঅ'। ধ্বংসস্তূপৰ মাজৰ পৰা উলিয়াই আনি চেনেহৰ ৰেডিঅটো লিৰিকি-বিদাৰি চাইছে , জানোচা বাজে !
দেৱালীৰ নিশা ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্ৰান্ত হোৱা এইজন টিংখাঙৰ লাটুমনি গাঁৱৰ ৰঞ্জিত অভয়পুৰীয়া। সোমবাৰে নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাই হৈ গৈছিল অভয়পুৰীয়াৰ হেঁপাহৰ ঘৰখন। শাক-পাচলিৰ বেপাৰ কৰি জীৱন নিৰ্বাহ কৰি অহা ৰঞ্জিত অভয়পুৰীয়াৰ চাৰিজনীয়া পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। তেওঁৰ ব্যৱসায়ৰ লগত জড়িত দুখনকৈ বাহন , ঘৰৰ সমগ্ৰ আচবাব , সা-সৰঞ্জাম , সকলো ধৰণৰ প্ৰয়োজনীয় নথি-পত্ৰ জ্বলি ভস্মীভূত হয়।
আকস্মিক দুৰ্ঘটনাটোত একপ্ৰকাৰ হতভম্ব , অসহায় হৈ পৰা পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিল স্থানীয় গাঁওবাসীৰ লগতে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ ৰাইজ। সোমবাৰৰ নিশাৰ পৰাই হিল-দ'ল ভাঙি উলাই আহিছে সহৃদয়বান টিংখাঙৰ বাসিন্দা। যি যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াইছে। কোনোৱে যদি নগদ ধন দিছে , কোনোৱে দিছে বাহ , টিনপাত , কাপোৰ , চকী-মেছ ইত্যাদি। নিৰাশ্ৰয় হৈ পৰা পৰিয়ালটোক থাকিবলৈ এটা ঘৰ সাজি দিবলৈ ৰাইজে কৰিছে শ্ৰমদান।
ৰাইজৰ এনে নিস্বাৰ্থ মৰম-চেনেহ , সহায় লাভ কৰি অভিভূত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। উভতাই পাইছে হেৰুৱা মনোৱল , লাভ কৰিছে জীয়াই থকাৰ সম্বল। এটা দুৰ্গত পৰিয়ালে আৰু সমাজৰ পৰা কি আশা কৰিব পাৰে।
সমাজ পাতি বসবাস কৰা মানৱ জাতিৰ বাবে টিংখাং বাসী ৰাইজে দাঙি ধৰিছে এক ইতিবাচক বাৰ্তা।

Byte-(1)- ৰঞ্জিত অভয়পুৰীয়া
Byte-(2)- _পৰিয়ালৰ লোক।

টিংখাঙৰ পৰা দীপক গগৈ, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.