ETV Bharat / city

বিজেপি চৰকাৰৰ সময়ত চোৰাং কয়লাৰ বেহা বৃদ্ধি পাইছে!!

বিজেপি চৰকাৰৰ সময়ত চোৰাং কয়লাৰ বেহা বৃদ্ধি পোৱাৰ অভিযোগ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ

মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সংবাদমেল
author img

By

Published : Jun 27, 2019, 4:38 PM IST

মাৰ্ঘেৰিটা,27 জুন: মাৰ্ঘেৰিটা মহকুমাৰ চোৰাং কয়লা বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰ কথা ঘোষণা মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ। বৃহস্পতিবাৰে মাৰ্ঘেৰিটাস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বাসুদেৱ ছেত্ৰীয়ে বিজেপি চৰকাৰৰ সময়ত চোৰাং কয়লা বেহা বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে ৷ লগতে কংগ্ৰেছ চৰকাৰৰ সময়তো এই অবৈধ বেহা চলি থকাৰ কথা স্বীকাৰ কৰে সভাপতিগৰাকীয়ে। উল্লেখ্য যে,মাৰ্ঘেৰিটাৰ বহুচৰ্চিত চোৰাং কয়লাৰ বেহাক লৈ শাসক আৰু নগাঁও সাংসদ প্ৰদ্যুত বৰদলৈৰ মাজত আৰম্ভ হৈছে অভিযোগ প্ৰতি অভিযোগৰ ৰাজনীতি। এই কয়লা বেহাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় জড়িত থকা বুলি সাংসদ বৰদলৈয়ে কৰা মন্তব্যৰ পাছতে বিজেপিৰ সদস্যসকলে মাৰ্ঘেৰিটাত বৰদলৈৰ পুত্তলিকা দাহ কৰিছিল। এক সংবাদমেলৰ জৰিয়তে বিজেপিৰ উক্ত কাৰ্যৰ তীব্ৰ নিন্দা কৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়ে আৰু চোৰাং কয়লা বেহাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়ে সভাপতি বাসুদেৱ চেত্ৰীয়ে ৷

মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সংবাদমেল

আৰু পঢ়কঃ সাংসদ প্ৰদ্যুত বৰদলৈৰ মন্তব্যত প্ৰতিক্ৰিয়া তিনিচুকীয়া জিলা প্ৰশাসনৰ

congress worker press meet at margherita 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.