ETV Bharat / city

ডিৰাক সোনজানত মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Aug 9, 2020, 10:15 PM IST

দেওবাৰে মটক ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল,কৃষক নেতা অখিল গগৈক মুক্তি,পৰিৱেশগত প্ৰভাৱ মূল্যায়ন 2020 খচৰা বাতিলৰ দাবীত বৃহৎ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ ৷

Caa against program at kakopather
Caa against program at kakopather

শদিয়া, 9 আগষ্ট : তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক সোনজানত দেওবাৰে মটক ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল,কৃষক নেতা অখিল গগৈক মুক্তি,পৰিৱেশগত প্ৰভাৱ মূল্যায়ন 2020 খচৰা বাতিলৰ দাবীত এক বৃহৎ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ।

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ সংযোগী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদকাৰীসকলে "অখিল গগৈক মুক্তি দিয়ক","নাগৰিকত্ব সংশোধনী আইন-2019 বাতিল কৰক","EIA 2020 খচৰা বাতিল কৰক","অসমৰ জৈৱ বৈচিত্ৰ ৰক্ষা কৰক","কা আমি নামনো","বিজেপি নিপাত যাওক","বিজেপি গ'বেক" আদি বিভিন্ন শ্ল’গানেৰে সীমান্তৱৰ্তী অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে ।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2019ৰ লগতে EIA খচৰা অনতিপলমে বাতিল কৰাৰ সমান্তৰাল ভাবে কৃষক নেতা অখিল গগৈক বে-আইনী ভাবে ৰাজ্য চৰকাৰে কাৰাবাসত আৱদ্ধ কৰি ৰখা কাৰ্যক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে সদৌ মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সঞ্জয় হাজৰীকাই ৷

ডিৰাক সোনজানত মানৱ শৃংখল কাৰ্যসূচী

লগতে চাওক-শিলাদিত্যক গৰিহণা দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.