ETV Bharat / city

ডিগবৈ-পেঙেৰী সংযোগী পথত বোমাৰ আতংক

author img

By

Published : Jun 3, 2022, 6:53 PM IST

তিনিচুকীয়াত আতংক ৷ ডিগবৈ-পেঙেৰী সংযোগী মূল পথত দুজন অজ্ঞাত ব্যক্তিয়ে গাঁত খন্দাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ পথৰ মাজত গাঁত খান্দি বোমা পুতি থোৱাৰ সন্দেহ (Bomb panic in Tinsukia) ৷

বোমা পুতি থোৱাৰ সন্দেহ
ডিগবৈ-পেঙেৰী সংযোগী পথত বোমাৰ আতংক

তিনিচুকীয়া, 3 জুন: ডিগবৈ-পেঙেৰী সংযোগী মূল পথত বোমাৰ আতংক (Bomb panic in Tinsukia)৷ পথৰ মাজত দুজন অজ্ঞাত ব্যক্তিয়ে গাঁত খন্দাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ ঘটনাৰ বিষয়ে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে পেঙেৰী আৰক্ষী থানাত ৷ মূল পথৰ মাজত গাঁত খান্দি বোমা পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰে ৰাইজ তথা আৰক্ষীয়ে ৷ সম্পূৰ্ণ অঞ্চলটো এতিয়াও নিৰাপত্তা ব্যস্তনীৰ মাজত ৰখা হৈছে ৷

ডিগবৈ-পেঙেৰী সংযোগী পথত বোমাৰ আতংক

বৰ্তমান সেনা বাহিনী আৰু তিনিচুকীয়া আৰক্ষীয়ে ঘটানস্থলীৰ মূল পথৰ দুয়োফালে পথ বন্ধ কৰি দিয়ে (Bomb panic at Digboi Pengeri link road) ৷ পথৰ মাজত খন্দা গাঁতটোৰ ওপৰত বস্তাত মাটি ভৰাই ঢাকি দিয়ে ৷ তিনিচুকীয়া আৰক্ষী আৰু সেনা বাহিনীৰ দলে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ কি স্বাৰ্থত আৰু কোনে এই আতংক বিয়পোৱাৰ চেষ্টা চলাইছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Border Force Arrests 2 Smugglers in Tripura: ১.২১ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.