ETV Bharat / city

ডিগবৈত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধৰ মৃত্যু - বনৰীয়া হাতী

ডিগবৈৰ দুৰ্গাবাৰী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ'ল এগৰাকী বৃদ্ধৰ ৷ বুধবাৰে পুৱতি নিশা প্ৰায় 3.30 বজাত সংঘটিত হয় এই ঘটনাটো ৷

An old man dies in Wild elephant attack in Digbai
ডিগবৈত বন্যহস্তীৰ আক্ৰমণত এজন বৃদ্ধৰ মৃত্যু
author img

By

Published : Jul 21, 2021, 7:21 PM IST

তিনিচুকীয়া, 21 জুলাই : বুধবাৰে পুৱতি নিশা ডিগবৈত বন্যহস্তীৰ আক্ৰমণত এগৰাকী বৃদ্ধৰ মৃত্যু হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি, ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত অইল ইণ্ডিয়া লিমিটেড (Oil India Limited) ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এটা বনৰীয়া হাতী ওলাই আহি দুৰ্গাবাৰী অঞ্চলত প্ৰৱেশ কৰে ৷ কেইবাঘণ্টা ধৰি হাতীটোৱে মানুহৰ বাৰীৰ কল, কুঁহিয়াৰ, কঠাল, আনাৰস আদি খাই পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত চিত্তৰঞ্জন চক্ৰৱৰ্তী (৭১) নামৰ ব্যক্তিজনৰ ঘৰত প্ৰৱেশ কৰে ।

বন্যহস্তীটোৱে ঘৰটোত প্ৰৱেশ কৰিয়ে প্ৰথমে বাসগৃহৰ এটা খুঁটা ভাঙে ৷ ৭১ বছৰীয়া বৃদ্ধাগৰাকীয়ে ঘৰটোত গৰু সোমোৱা বুলি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে ৷ তেনে সময়তে হাতীটোৱে চোঁচা লৈ বৃদ্ধগৰাকীক ঘৰৰ বাৰান্দাতে আক্ৰমণ কৰে । এই আক্ৰমণত বৃদ্ধগৰাকী গুৰুতৰভাৱে আহত হয় ৷ অৱশেষত পুৱা শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধগৰাকীয়ে ।

উল্লেখযোগ্য যে, বিগত প্ৰায় তিনিবছৰ মানৰ পৰাই বন্যহস্তীৰ এটা জাকে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বুলি স্থানীয় ৰাইজে সদৰী কৰে ৷

ডিগবৈত বন্যহস্তীৰ আক্ৰমণত এজন বৃদ্ধৰ মৃত্যু

বনৰীয়া হাতীৰ জাকটোৱে ডিগবৈৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ এই বন্যহস্তীৰ জাকটোৰ আক্ৰমণত এতিয়ালৈকে প্ৰায় ৯ জন লোক মৃত্যুমুখত পৰিছে ৷ অকল সেয়াই নহয়, বহু লোক গুৰুতৰভাৱে আহত হৈছে ৷ হাতীৰ জাকটোৱে ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰি তহিলং কৰে খাদ্য সামগ্ৰী ।

উক্ত ঘটনাটো স্থানীয় ৰাইজে বন বিভাগ আৰু আৰক্ষীক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী উপস্থিত হয় । বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে বন বিভাগক আহ্বান জনাইছে ৷ বন্যহস্তীৰ আক্ৰমণত পুনৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক- ৰঙাপৰাত বনৰীয়া হাতীয়ে ভাঙিলে বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.