ETV Bharat / city

ভাগিনৰ মৃত্যুত মামাৰ হৃদয় কঁপিব নে ? লুৰিণজ্যোতি গগৈৰ প্ৰশ্ন - Tejaswita Baruahs death to be probed

প্ৰতিভাৱান তেজস্বিতাৰ আকস্মিক মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই মাজুলীবাসীয়ে । বৃহস্পতিবাৰে এই ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেজস্বিতা বৰুৱাৰ মৃত্যুৰ সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ৰাজ্য চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে ( AJP president Lurinjyoti Gogoi reacts) ৷

AJP president Lurinjyoti Gogoi reacts on Tejaswita Baruahs death
ভাগিনৰ মৃত্যুত মামাৰ হৃদয় কঁপিব নে ? লুৰিণজ্যোতি গগৈ
author img

By

Published : Oct 6, 2022, 10:02 PM IST

তিনিচুকীয়া, 6 অক্টোবৰ: বৃহস্পতিবাৰে মাজুলীৰ প্ৰতিভাৱান কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যু (Tejaswita Baruah's death) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে (AJP president Lurinjyoti Gogoi reacts) ৷ ঘৰৰ ওচৰতে আয়োজন কৰা অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ যোৱা তেজস্বিতা বৰুৱা হঠাৎ অসুস্থ হৈ পৰাত লগে লগে গড়মূৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও মৃত্যু হয় ।

প্ৰতিভাৱান তেজস্বিতাৰ আকস্মিক মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই মাজুলীবাসীয়ে (Majuli Tejaswita Baruah Death) । তেজস্বিতাৰ আকস্মিক বিয়োগৰ খবৰটোৱে ৰাজ্যজুৰি শোকৰ ছাঁ পৰাৰ লগতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই ঘটনাকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেজস্বিতা বৰুৱাৰ মৃত্যুৰ সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ৰাজ্য চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে (Tejaswita Baruah's death to be probed) ৷

ভাগিনৰ মৃত্যুত মামাৰ হৃদয় কঁপিব নে ? লুৰিণজ্যোতি গগৈ

ইফালে, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিটাকৈ কাৰ্যকাল স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকাৰ পাছটো স্বাস্থ্যবিভাগটো উন্নত কৰিব নোৱাৰিলে আৰু এতিয়া এটা মাহৰ ভিতৰত উন্নত কৰিব বুলি কোৱা বিষয়টো লজ্জাজনক বুলি আখ্যা দিয়ে গগৈয়ে ৷ লগতে ভাগিনৰ মৃত্যুত এতিয়া মামাৰ হৃদয় কঁপিব নে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক: তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.