তেজপুৰ, ১৬ এপ্ৰিল : আঠ দিনীয়া কাৰ্য্যসূচীৰে তেজপুৰৰ বান্দৰমাৰীত দ্বাদশ বাৰ্ষিক ৰংজালি বৈশাগু অনুষ্ঠিত হৈছে (Rangjali Vaishagu event)। এই উপলক্ষে আজি বান্দৰমাৰী সদৌ বড়ো ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সহযোগত পশ্চিম তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত এবছু ভৱন চৌহদত অনুষ্ঠিত হোৱা মুকলি ৰংজালি বৈশাগুত বড়ো জনগোষ্ঠীৰ লোকসকলৰ লোক নৃত্যৰ লগতে চাহ জনগোষ্ঠীৰ লোক সকলে ঝুমুৰ পৰিবেশন কৰি সকলোকে আনন্দ দিয়ে ।
বৃহত্তৰ বান্দৰমাৰী অঞ্চলৰ সহস্ৰাধিক লোকে অংশগ্ৰহন কৰা মুকলি ৰংজালি বৈশাগুৱে সলোকে আনন্দ দিয়াৰ লগতে সমাজত ঐক্যতাৰ চূড়ান্ত নিদৰ্শন ডাঙি ধৰিবলৈ সক্ষম হয়। আনহাতে, মুকলি ৰংজালি বৈশাগু উপলক্ষে আজি পুৱা জ্যেষ্ঠ সাংবাদিক সম্ভূ বড়োৱে পতাকা উত্তোলনৰ পিছতেই বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিছবিৰ সন্মূখত সদৌ বড়ো ছাত্ৰ সন্থাৰ প্ৰতি গৰাকী সদস্যই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে পৰিস্থিতিৰ বুজ লʼবলৈ কাৰ্বি-আংলঙত মুখ্যমন্ত্ৰী