ETV Bharat / city

ডাঙৰী ৰে'ল ষ্টেচন যাত্ৰীৰ বাবে মুকলিৰ দাবী আছুৰ

author img

By

Published : Dec 19, 2021, 1:58 PM IST

ইতিহাসৰ পাতত হেৰাই যোৱাৰ দিশত উত্তৰ-পূৱৰ প্ৰথমটো ৰে'ল ষ্টেচন ৷ এসময়ৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় এই ঐতিহাসিক ষ্টেচনটো এতিয়া হৈ পৰিছে সকলোৰে এলাগী ৷ ডাঙৰী ষ্টেচন পুনৰুজ্জীৱিত কৰাৰ দাবীত ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ (AASU demands to reopen dangari railway station) ৷

dasu-or-aasu-protest-demanding-revival-of-first-railway-station-of-assam-in-northeast
উত্তৰ-পূবৰ প্ৰথমটো ৰে'ল ষ্টেচন পুনৰুজ্জীৱিত কৰাৰ দাবীত ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শদিয়া, 19 ডিচেম্বৰ : শনিবাৰে ডাঙৰী ষ্টেচন পুনৰুজ্জীৱিত কৰাৰ দাবীত বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ কৰে ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই (AASU demands to reopen dangari railway station) ৷ হয়তো কমসংখ্যক লোকৰ জ্ঞাত যে, উত্তৰ-পূৱৰ প্ৰথমটো ৰে’ল ষ্টেচন ডিব্ৰু-শদিয়া ডাঙৰী ষ্টেচন (Dibru-Sadiya is the first Railway station in northeast) ৷

এই ষ্টেচনটো ১৮৮১ চনতে নিৰ্মাণ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইংৰাজ বিষয়া জন বেৰী হোৱাইটে (DSR incorporated by John Berry White) ৷ সেই সময়ৰ শদিয়া নগৰলৈ যোগাযোগৰ বাটকটীয়া আছিল ডিব্ৰু-শদিয়া ৰে'লপথ ৷ এসময়ৰ জনজীৱনৰ বাবে প্ৰয়োজনীয় এই ঐতিহাসিক ষ্টেচনটো এতিয়া হৈ পৰিছে সকলোৰে এলাগী ৷ সম্প্ৰতি হেৰাই যোৱাৰ দিশত ইতিহাসে ৰিঙিয়াই থকা এই ষ্টেচনটো ৷

তথ্য অনুসৰি, ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ৰ অধীনৰ অসমৰ প্ৰথমটো ৰে'ল জংচন মাকুমৰ অন্তৰ্গত তিনিচুকীয়া জিলাৰ ছটাকৈ ৰে'ল ষ্টেচনত বিভাগে ইতিমধ্যে লগাইছে তলা ৷ ক্ৰমাৎ জহি-খহি যোৱা ষ্টেচনটোৰ ষ্টেচন মাষ্টৰৰ কাৰ্যালয়, টিকট বুকিং কাউণ্টাৰ, আৱাসগৃহকে ধৰি যাত্ৰী জিৰণি কোঠাসমূহ পৰিৱৰ্তিত হৈছে পশুধনৰ জিৰণি চ’ৰালৈ ৷

ব্ৰিটিছৰ দিনতে নিৰ্মাণ হোৱা এই ষ্টেচনটোত 1882 চনত মাকুমৰ জংচনৰ পৰা ছৈখোৱাঘাট ষ্টেচনলৈকে ৰে'ল চলাচলৰ ব্যৱস্থা আছিল ৷ পৰৱৰ্তী সময়ত 1910 চনত ছৈখোৱাঘাটৰ পৰা ডিব্ৰুগড়লৈ ৰে’ল চলাচলৰ ব্যৱস্থা কৰা হৈছিল ৷ দেশ স্বাধীন হোৱাৰ পিছত এই ৰে'লপথটো ভাৰত চৰকাৰৰ ৰে'ল মন্ত্ৰালয়ে উত্তৰ-পূৱ সীমান্ত প্ৰশাসনৰ অধীনলৈ আনে ৷ উত্তৰ-পূৱ ৰে'ল প্ৰশাসনে ডিব্ৰু-শদিয়া ৰে'লপথত কয়লা ইঞ্জিন চালিত ৰে'ল চলাচলৰ ব্যৱস্থা কৰে ৷ কিন্তু 1950 চনৰ বৰভূঁইকঁপত ছৈখোৱাঘাট ৰে'ল ষ্টেচনটো ধ্বংস হয় ৷

ইয়াৰ পিছতে ডাঙৰী ষ্টেচনলৈকে (Dangari Rail Station) ব্ৰডগজ ৰে'লপথ নিৰ্মাণ কৰি ৰে'ল চলাচলৰ ব্যৱস্থা কৰে উত্তৰ-পূৱ সীমান্ত ৰে'ল কৰ্তৃপক্ষই ৷ শেহতীয়াকৈ অসমৰ প্ৰথমটো ডিব্ৰু-শদিয়া ৰে’লপথৰ বৰহাপজান, হাঁহচৰা, ডুমডুমা, ৰূপাই, তালাপ, ডাঙৰী আদি ষ্টেচনসমূহ বন্ধ কৰি ৰাখিছে ৰে'ল বিভাগে ৷ মাজতে কিছুদিনৰ বাবে ডেম’ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিছিল যদিও বিগত কেইবাবছৰৰ পৰা সেয়াও বন্ধ হৈ আছে ৷

শনিবাৰে ঐতিহাসিক তথা উত্তৰ-পূৱৰ প্ৰথম জংচন মাকুমৰ (First railway junction of assam was Makum Junction) অন্তৰ্গত ডাঙৰী ৰে'ল ষ্টেচনটো যাত্ৰীৰ বাবে পুনৰ মুকলি কৰাৰ দাবীৰে স্থানীয় ৰাইজৰ সহযোগত ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল কৰি তোলে ডাঙৰী ৰে’ল ষ্টেচনৰ চৌপাশ ৷ ইতিমধ্যে আছুৰ লগতে স্থানীয় ৰাইজে ৰে'ল বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক এই ষ্টেচনটোত পুনৰ ৰে'ল চলাচলৰ ব্যৱস্থা কৰিবলৈ এটা সপ্তাহৰ সময়সীমা বান্ধি দিছে । অন্যথা এই আন্দোলন আৰু অধিক তীব্ৰতৰ হ'ব বুলি সকীয়াই দিছে ৰে'ল বিভাগৰ লগতে চৰকাৰক ।

লগতে পঢ়ক : Kolkata Municipal Corporation Polls begins : কলকাতা পৌৰ নিগমৰ ১৪৪ টা ৱাৰ্ডত ভোটগ্ৰহণ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.