ETV Bharat / city

পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !

author img

By

Published : Jan 29, 2021, 8:04 PM IST

বাঘজানৰ 5 নং তৈল খাদৰ অগ্নিকাণ্ডত বিস্তৰ ক্ষতি সাধন হৈছিল দাঁতিকাষৰীয়া অঞ্চলবাসী ৰাইজৰ ৷ বাঘজান-দীঘলটৰংবাসী ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ দাবীত শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ ক্ষতিগ্ৰস্ত ৰাইজক চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ বাবে অহা কালিৰ পৰা পুনৰ অনিৰ্দিষ্টকালীন বাঘজান EPS অইল বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে প্ৰতিবাদী ৰাইজে ৷

Protest on baghjan_issue At Dumduma
পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !

ডুমডুমা,29 জানুৱাৰী : তিনিচুকীয়াৰ বাঘজান ৫নং তৈলখাদৰ জুই নিৰ্বাপন হোৱা আজি দুটা মাহতকৈ অধিক সময় পাৰ হ'ল। যোৱা ১৫ নৱেম্বৰ ২০২০ তাৰিখে নিৰ্বাপন হৈছিল বাঘজান BGR ৫নং তৈলখাদৰ জুই । কিন্তু বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সমস্যা আজিও সমস্যা হৈয়ে থাকিল যদিও অইল কৰ্তৃপক্ষৰ লগতে চৰকাৰেও নল'লে কোনো উপযুক্ত ব্যৱস্থা ৷

পুনৰ অনিৰ্দিষ্ট কাললৈ বাঘজান EPS বন্ধ !
ইফালে বাঘজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ক্ষতিপূৰণৰ সন্দৰ্ভত বহু দিনৰ আগতে চৰকাৰে জৰিপ কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ ক্ষতিপূৰণ ঘোষণা নকৰাত অইল কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন ৷ উল্লেখ্য যে, যোৱা ১১ জানুৱাৰীত তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বাঘজান-দীঘলতৰং উন্নয়ন সমিতিৰ উদ্যোগত, উপযুক্ত ক্ষতিপূৰণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ক্ষতিগ্ৰস্ত ৰাইজে । কিন্তু ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিয়াত পুনৰ উত্তেজিত হৈ পৰে বাঘজান-দীঘলটৰংবাসী ৰাইজ।

বাঘজান-দীঘলটৰং উন্নয়ন সমিতিৰ উদ্যোগত, ৰাইজে যোৱা ১৮ জানুৱাৰীত বাঘজান EPS তৈলকূপৰ সন্মুখত অনিৰ্দিষ্টকালীন বাঘজান EPS অইল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ ক্ষতিগ্ৰস্ত ৰাইজক অতি শীঘ্ৰে অইল ইণ্ডিয়া লিমিটেডক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ (NGT)ত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় ।

আনহাতে, বাঘজানৰ ৰাইজে ক্ষতিপূৰণৰ সন্দৰ্ভত অইল আৰু প্ৰশাসনৰ লগত এখন ত্ৰিপাক্ষিক আলোচনাৰ দাবী জনাইছিল । ইফালে প্ৰশাসনেও প্ৰতিবাদস্থলীত উপস্থিত হৈ লিখিতভাৱে ২৯ জানিৱাৰীত এক ত্ৰিপাক্ষিক বৈঠকত বহাৰ বাবে প্ৰতিশ্ৰুতি দিছিল । সেই মৰ্মে আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ত্ৰিপাক্ষিক আলোচনাৰ দিন আছিল যদিও ৰাইজৰ সৈতে ত্ৰিপাক্ষিক আলোচনাত বহিবলৈ উপস্থিত নহ'ল অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ কোনো এজন বিষয়া কৰ্মচাৰী ৷ উক্ত ঘটনাত ক্ষুব্ধ হৈ অহা কালিৰ পৰা বাঘজান-দীঘলটৰংবাসী ৰাইজে পুনৰ অনিৰ্দিষ্টকালীন বাঘজান EPS অইল বন্ধ কাৰ্যসূচী হাতত লোৱা বুলি সাংবাদিকৰ আগত সদৰি কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-কবৰস্থানৰ ভূমি বেদখলক কেন্দ্ৰ কৰি বগীনদীত তীব্ৰ উত্তেজনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.