ETV Bharat / city

ডুমডুমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত যোগেন্দ্ৰ নাথ ডেকাৰ শত-বাৰ্ষিকী উদযাপন

author img

By

Published : Jan 22, 2021, 10:48 PM IST

আজি ডুমডুমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত যোগেন্দ্ৰ নাথ ডেকাৰ জন্ম শত-বাৰ্ষিকী দিৱসটো উদযাপন কৰা হয় । এই শত-বাৰ্ষিকী অনুষ্ঠানত কেইবাখনো বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যাপকৰ সকলৰ লগতে বহু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

100 YEARS CELEBRATINS
ডুমডুমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত যোগেন্দ্ৰ নাথ ডেকাৰ শত-বাৰ্ষিকী উদযাপন

ডুমডুমা, 22 জানুৱাৰী: বিশিষ্ট সমাজকৰ্মী তথা কৰ্মযোগী উপাধিৰে বিভূষিত স্বৰ্গীয় যোগেন্দ্ৰ নাথ ডেকাৰ জন্ম শত-বাৰ্ষিকী উপলক্ষে আজি তিনিচুকীয়াৰ ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত এক শ্ৰদ্ধাঞ্জলি অনুস্থান অনুস্থিত হয় ৷ ডেকাৰ জন্ম শত-বাৰ্ষিকী লগত সংগতি ৰাখি তিনিচুকীয়া জিলাৰ নদীসমূহৰ উৎপত্তি আৰু পৰিৱৰ্তন বিষয়ৰ ওপৰত এখন বক্তৃতা অনুষ্ঠানো অনুস্থিত কৰে উদ্যোক্তা সকলে ৷ সভাখনত মুখ্য বক্তা হিচাপে নদী বিশেষজ্ঞ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূ-তত্ব বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক ড° যোগেন্দ্ৰ নাথ শৰ্মা উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই ।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে শুভ-উদ্বোধন কৰে বিশিষ্ট বুৰঞ্জীবিদ শ্ৰীকুমাৰ দহোটীয়াই । ডুমডুমা মহাবিদ্যালয় অধ্যক্ষ ড° প্ৰকাশ জ্যোতি বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সাৰংগপানী শৰ্মা, ডুমডুমা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা সকলৰ লগতে মহাবিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে ।

লগতে পঢ়ক- মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.