শদিয়া, 6 নৱেম্বৰ : ৰাজ্যত আৰক্ষীয়ে ধাৰাবাহিকভাৱে নিচাজাতীয় সামগ্ৰীকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ শেহতীয়াকৈ দিপাৱলীৰ সময়চোৱাত আৰক্ষীয়ে অধিক সষ্টম হৈ জুৱা আৰু জুৱাৰীৰ বিৰুদ্ধে চলাইছিল অভিযান ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সামন্তৰালকৈ দিপাৱলী সময়ছোৱাত তিনিচুকীয়া জিলাৰ ডুমডুমাতো(Dumduma) আৰক্ষীয়ে অধিক সষ্টম হৈ জুৱা আৰু জুৱাৰীৰ বিৰুদ্ধে চলায় অভিযান ৷ জিলাখনৰ ডুমডুমা আৰক্ষীয়ে থানাখনৰ অন্তৰ্গত বিভিন্ন স্থানত অভিযান চলাই বহুকেইটা জুৱাৰ ঘাটি উচ্ছেদ কৰাৰ লগতে আটক কৰে 10 জনকৈ জুৱাৰীক ৷
জানিব পৰা মতে, দিপাৱলী সময়চোৱাত স্থানীয় আৰক্ষীয়ে ডুমডুমা থানাৰ অন্তগত বিভিন্ন ঠাইত থকা বহুকেইটা জুৱাৰ ঘাটি উচ্ছাদ কৰে ৷ গোপন সূত্ৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে এই অভিযান চলাই বিভিন্ন স্থানৰ পৰা দিপেন মৰাণ, যোগেশ ৰায়, মাধৱ বৰা, বিকি সিং, বিজু গোস্বামী, হৰেণ দাস, কিৰণ লহাৰ আৰু মহম্মদ হাফিযুৰ ৰহমানকে ধৰি দহজন জুৱাৰীক আটক কৰে ৷
অভিযানত বহু পৰিমানৰ নগধ ধন উদ্ধাৰ কৰাৰ লগতে জোৱা খেলৰ বিভিন্ন সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ডুমডুমা আৰক্ষীয়ে জুৱাৰী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : কলগাছিয়াত বাঢ়িছে নিচাযুক্ত দ্ৰব্য সেৱনকাৰীৰ সংখ্যা