ETV Bharat / city

ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

author img

By

Published : Nov 25, 2019, 7:15 PM IST

শোণিতপুৰ বিহগুৰি গাঁৱত দেওবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন কৃষকৰ ৷ তাৰ বিপৰীতে চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কুংক্ৰাঝোৰাত মানাহৰ পৰা ওলাই অহা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় নেৰছন বসুমতাৰী নামৰ যুৱকজনৰ ৷

ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

নিউজ ডেস্ক, 25 ডিচেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত পুনৰ বন্যহস্তীৰ তাণ্ডৱ ৷ একেটা নিশাতে অসমৰ দুই মূৰত হাতীৰ আক্ৰমণত প্ৰাণ গ'ল দুজনকৈ লোকৰ ৷ শোণিতপুৰ বিহগুৰি গাঁৱত দেওবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় এজন কৃষকৰ ৷ তাৰ বিপৰীতে চিৰাঙৰ আমগুৰী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ কুংক্ৰাঝোৰাত মানাহৰ পৰা ওলাই অহা বন্য হস্তীৰ আক্ৰমণত মৃত্যু হয় নেৰছন বসুমতাৰী নামৰ যুৱকজনৰ ৷ একেটা অঞ্চলৰ গোপেশ নাৰ্জাৰী নামৰ লোকজনো হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

ৰাজ্যত পুনৰ হাতীৰ তাণ্ডৱ, প্ৰাণ গ'ল দুজনৰ

আনহাতে, শোণিতপুৰৰ পশ্চিম বন সংমণ্ডলৰ বিন্দুকুৰিৰ ভাৰতীয় খাদ্য নিগমৰ সন্মুখত বনৰীয়া হাতীৰ এটা বৃহৎ জাকে ধাননি পথাৰত নামি পথাৰৰ ধান খাই তহিলং কৰে ৷

Intro:Desk Please make a PKG.
REGARDS.

তেজপুৰ,২৫ নবেম্বৰ:এতিয়া অসমৰ চৌদিশে বন্য হস্তীৰ সন্ত্ৰাস ৷ কি খেতি পথাৰ ,কি ৰাজপথ পথচাৰী সাৱধান নহলে যি কোনো সময়তে বন্য হস্থীৰ সন্মুখিন হব পাৰে আপুনি ৷
এই দৃশ্যলৈ মন কৰক ৷ এইয়া শোনিতপুৰ জিলাৰ পশ্চিম বন সংমণ্ডলৰ অধীনত বিন্দুকুৰিৰ ভাৰতীয় খাদ্য নিগমৰ সন্মুখৰ বিয়লিৰ দৃশ্য ৷ কিদৰে জাকে জাকে বন্য হস্থীৰ দল নামি আহিছে ধাননী পথাৰ আৰু অতিক্ৰম কৰিছে তেজপুৰ বিন্দুকুৰি সংলগ্ন মূল পথ ৷
Body:এফালে বন ধ্বংস কৰি ফৰেষ্ট ভিলেজ স্থাপন কৰিছে যাৰ ফলত বন্যপ্ৰাণীবোৰে খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে।

যেতিয়ালৈকে তেওঁলোকৰ ঘৰখন পুনৰ সংস্থাপন কৰি দিব পৰা নাজাই,তেতিয়ালৈকে জীৱ জন্তু আৰু মানুহৰ সংঘাত ৰোধ কৰাটো কঠিন হ'ব। এতিয়া সেই দায়িত্ব আমাৰ বৰমুৰীয়া সকলৰ ওপৰত,হাতে কামে লাগে নে নীৰৱ দৰ্শক হৈ চাই থাকে। অসম চৰকাৰৰ অন্যতম পয়া লগা বিভাগ হৈছে এই বন বিভাগ,যাৰ কুপ্ৰভাব পৰিছে গঞাৰ ওপৰত,দুৰ্ভোগ ভুগিব লগা হৈছে এই জীৱ কেইটিয়ে । কাৰোবাৰ জীৱন হেৰাই গৈছে যদি কাৰোবাৰ মুখৰ ভাত,ঘৰ দুৱাৰ। চৰকাৰ ভ্ৰূক্ষেপ নাই। আচলতে এই বিভাগটো ক্ৰমান্বয়ে ঢাল তৰোৱাল নোহোৱা নিধিৰাম ছৰ্দাৰলৈ হে পৰিণত হৈ গৈ আছে। যাৰ ফল স্বৰূপে দায়িত্বশীল বন বিষয়া, কৰ্মচাৰী তথা প্ৰকৃতি প্ৰেমী সকলে অহৰহ চেষ্টা কৰিও উল্লেখনীয় ভাবে সফল হ'ব পৰা নাই।
কৃষক ৰাইজে ভাতমুঠি হেৰুৱাৰ শংকাত কেতিয়াবা স্বেচ্ছাসেৱক সকলৰ ওপৰতেই ক্ষোভ প্ৰকাশ কৰে। তেওলোকেও শান্তনা দিয়াৰ বাদে উপায়ো নাথাকে । চৰকাৰ তথা প্ৰশাসনে যদি এক নিশ্চ্ত পদক্ষেপ গ্ৰহন নকৰে তেনেহলে এক অনিশ্চিত বিপদৰ মুখত পৰিব সাধাৰন কৃষক ৷
Conclusion:শোণিতপুৰ জিলাৰ বিহগুৰি গাওঁৰ এজন লোকক বন্যহস্তীৰ আক্ৰমণত মৃত্যু ঘটে । সমগ্ৰ অসমত ই এক জটিল সমস্যা হৈ থিয় দিছে। বছৰ দিনৰ ভাত মুঠি হেৰুৱা হেজাৰ হেজাৰ কৃষকৰ আৰ্তনাদ কোনে শুনিব? কোনে বুজিব? নিৰীহ লোকৰ প্ৰাণ,নিজৰ বাসস্থান খেতি,শেষ হৈ হৈছে। অসহায় গঁঞাৰ চৰকাৰক আহ্বান , এই সমস্যৰ সমাধান দিবলৈ ৷

প্ৰণৱ কুমাৰ দাস ৷
তেজপুৰ ৷
২৫/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.